ডিজিটেল ডেস্ক : ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৩ দিনীয়া কাৰ্যসূচীৰে দেশত স্বাধীনতা দিৱস পালনৰ বাবে আয়োজন কৰা হৈছে। সেই ৩ দিন দেশৰ জনতাক ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাই ৰাখিবলৈ আহ্বান জনাইছে কেন্দ্ৰই। কিন্তু অতীজৰে পৰা চলি অহা নিয়ম অনুসৰি পুৱা পতাকা উত্তোলন কৰি আবেলি বেলি ডুবাৰ আগে আগে পতাকা অৱনমন কৰা হয়। এইবাৰ তিনি দিনীয়া কাৰ্যসূচীৰে পতাকা উত্তোলন কৰাৰ কথা উল্লেখ কৰাত অসুবিধাৰ সন্মুখীন হৈছে জনতা।
৩ দিনেই পতাকা উৰুৱাই ৰাখিব লাগিব নে পুৱা পতাকা উত্তোলন কৰি সন্ধিয়াৰ আগে আগে অৱনমন কৰিব লাগিব এই কথাক লৈ বিমূৰত পৰিছিল ৰাইজ। এই সকলোবোৰ কথাৰ উত্তৰ হিচাপে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এখন জাননী প্ৰস্তুত কৰি উলিয়াইছে। সেই জাননীত উল্লেখ কৰাৰ মতে ব্যক্তিগত কাৰ্যালয়, মানুহৰ ঘৰ, গাড়ী, বিদ্যালয় আদিত ৩ দিনেই উৰুৱাই ৰাখিব পাৰিব পতাকা। ১৩ তাৰিখে পতাকা উত্তোলন কৰি ১৫ তাৰিখৰ সন্ধিয়াৰ আগে আগে অৱনমন কৰিব পাৰিব পতাকা।
কিন্তু জনতা ভৱন, আৰক্ষী থানা, উচ্চ ন্যায়ালয় আদি ঠাইত তিনি দিনেই পূৰ্বৰ দৰে পুৱা পতাকা উত্তোলন কৰি সন্ধিয়াৰ আগে আগে পতাকা অৱনমন কৰিব লাগিব। ইয়াৰ উপৰিও পতাকাৰ ক্ষেত্ৰত খাদী কাপোৰৰ পতাকা, পলিষ্টাৰ কাপোৰৰ পতাকা, কটন কাপোৰৰ পতাকা আদি ব্যৱহাৰ কৰিব পাৰিব। পূৰ্বে পলিষ্টাৰ কাপোৰৰ পতাকা ব্যৱহাৰত নিষেধাজ্ঞা আছিল।
ইয়াৰ উপৰিও জাননীত উল্লেখ কৰাৰ মতে ৩ দিন পতাকা উৰুৱাই ৰখাৰ সময়ত যদি বতাহ, বৰষুণৰ ফলত পতাকাৰ ক্ষতি হয় বা পতাকাখন ফাঁটি যায় তেন্তে শীঘ্ৰেই পতাকাখন সলনি কৰি পুনৰ উত্তোলন কৰিব লাগিব। এই ক্ষেত্ৰত সকলোকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে গৃহ মন্ত্ৰালয়ে।
আৰু পঢ়ক : দৰ্শক বিজেপি, যাদু নীতিশৰ…