ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ সৰুপথাৰ নগৰত শনিবাৰে আবেলি মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা এক অভিযানত প্ৰায় ৬৮ গ্ৰাম সন্দেহজনক নিচাযুক্ত দ্ৰব্য হেৰ'ইন জব্দ কৰা হয়। লগতে আটক কৰা হয় তিনিজন সৰবৰাহকাৰীক।
মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাই জনোৱা মতে, গোপন সূত্ৰৰ পম খেদি সৰুপথাৰ-নাওজান পথত চলোৱা এক অভিযানত মুকুট আহমেদ ওৰফে সুৰজ বাচফৰ আৰু পৱন ঠাকুৰৰ পৰা প্ৰায় ৫৭ গ্ৰামৰ সন্দেহজনক নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰে।
তদুপৰি পিছত দুয়ো গৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত সৰুপথাৰ নগৰৰ এক ভাড়াঘৰত বাস কৰা মুকুট আহমেদ ওৰফে ভাইজান আলিৰ ঘৰৰ পৰা ১০.৪৬ গ্ৰাম সন্দেহজনক নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে উদ্ধাৰ কৰা নিচাযুক্ত দ্ৰব্য সমূহৰ লগতে লোক কেইজনৰ পৰা তিনিটা ম'বাইল হেণ্ডচেট, দুখন দুচকীয়া বাহন আৰু নগদ চাৰিশ টকা জব্দ কৰাৰ লগতে ধৃত তিনিওকে আটক কৰি তদন্ত আৰম্ভ কৰিছে।
Also Read: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কেলেংকাৰী: এইবাৰ কোকৰাঝাৰত গুৰুতৰ অভিযোগ...