ডিজিটেল ডেস্কঃ মঙলবাৰে ঘোষণা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এইবাৰৰ ফলাফললৈ লক্ষ্য কৰিলে দেখা যায় যে বিগত ১০ বছৰৰ ভিতৰত ২০২৩ বৰ্ষৰ ফলাফল নিম্নগামী হৈছে।
এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাৰ উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশ। মুঠ ২,৬১,২৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কলা শাাখাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হৈছে ১,৮৩,১৮০ গৰাকী ছাত্ৰ-ছাত্ৰী। আনহাতে অনুতীৰ্ণ হয় ৭৮,০৫১ গৰাকী ছাত্ৰ-ছাত্ৰী।
বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৭ শতাংশ। মুঠ ২০,৪১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ বাণিজ্য শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১৬,২৪৫ গৰাকী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৪১৬৭ গৰাকী অনুতীৰ্ণ হয়।
আনহাতে বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৯৬ শতাংশ।মুঠ ৪৬,৩৮৩ গৰাকী ছাত্ৰ-ছাত্ৰী এইবাৰ অৱতীৰ্ণ হৈছিল বিজ্ঞান শাখাত। ইয়াৰে ৩৯,৪০৫ গৰাকী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৬,৯৭৮ গৰাকী অনুতীৰ্ণ হয়।
প্ৰতিটো শাখাৰ ফলাফল লক্ষ্য কৰিলে দেখা যায় যে এইবাৰ পৰীক্ষাৰ ফলাফল নিম্মগামী হৈছে। এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৩,২৮,০২৬ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। আৰু ইয়াৰে ৮৯,১৯০ গৰাকী পৰীক্ষাৰ্থী অনুতীৰ্ণ হয়।
Also Read: উঃমাঃ ফলাফলঃ যোৱা ১০ বছৰৰ তুলনাত এইবাৰেই সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ