চতিয়াত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

চতিয়াত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ
Published on
Updated on

ডিজিটেল সংবাদ,চতিয়া : চতিয়াত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰা হৈছে ৷ চতিয়াৰ চামগুৰিত ৰাইজে খেদি খেদি জব্দ কৰিলে সুৰা ভৰ্তি এখন ব’লেৰ বাহন ৷

জানিব পৰামতে, দীৰ্ঘদিননে চতিয়া আৰক্ষীৰ চকুত ধূলি দি এচাম দুষ্ট চক্ৰই চিজুছাৰ পৰা চতিয়ালৈ দৈনিক সৰবৰাহ কৰি আহিছিল অৰুণাচলী সুৰা ৷ মঙলবাৰে চতিয়াৰ চামগুৰি অঞ্চলৰ ৰাইজে জব্দ কৰিবলৈ সক্ষম হয় সুৰা ভৰ্তি ব’লেৰ বাহনখন ৷

অৱশ্যে গাড়ীখনৰ চালকজন পলাই সাৰিবলৈ সক্ষম হয় ৷ এ এচ ০৬ জে ৫১৫৫ নম্বৰৰ ব’লেৰ বাহনখনৰ লগতে এখন এল্ট বাহনসহ ইন্দ্ৰ বৰুৱা ওৰফে মডেল নামৰ এজন কুখ্যাত অৰুণাচলী সুৰা বেপাৰীক ধৰি চতিয়া আৰক্ষীক চমজাই দিয়ে ৷

চতিয়াত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ
মালিগাঁও উৰণসেতু উদ্বোধনী অনুষ্ঠানৰ বাবে নতুন পথ নিৰ্দেশনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in