গোগামুখত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

গোগামুখত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা : এখন বিলাসী বাহন । পঞ্জীয়ন নম্বৰ এ এছ ০৭/ডব্লিউ /২৮৮৫ ।  বাহনখনৰ গৰাকী ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বালিয়নী গাঁৱৰ দীপ্তি শইকীয়া ।

টাটা কোম্পানীৰ পাঞ্চ চেগমেণ্টৰ এইখন নীলা আৰু বগা বৰণৰ গাড়ী যাত্ৰীৰ বাবে নহয় । প্ৰায়ে ব্যৱহাৰ হয় নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহত । অভিযোগ কৰা মতে ঘিলামৰাত সুদীর্ঘ দিন এইখন বিশেষ বাহনেৰে চলাই আহিছিল নিষিদ্ধ ড্ৰাগছ আৰু গাঞ্জাৰ এক ভয়ঙ্কৰ বেহা ।

ঢকুৱাখনা, মাজুলী ,ধেমাজিত এনেবোৰ নিষিদ্ধ আৰু মাৰাত্মক নিচাযুক্ত সামগ্ৰীৰ গোপন বেহা চলাই অহা এইখন বাহন সোমবাৰে নিশা গোগামুখ আৰক্ষীৰ জালত পৰে । এক গোপন সূত্ৰৰ পম খেদি গোগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলে আৰু গেৰুকামুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় ৰবি দাসে চলোৱা যৌথ অভিযানকালত এইখন ভাং ভৰ্তি বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ।

ঘটনাৰ বিবৰণী অনুসৰি এইখন ভাং পৰিবাহী বাহনত পূৰ্বৰ দৰে ভাং সৰবৰাহ কৰি অনাৰ খবৰ বিশেষ সূত্ৰে লাভ কৰে বগীনদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডান্টেজিৎ দেউৰীয়ে । লখিমপুৰ দিশৰ পৰা সোমবাৰে সন্ধিয়া প্ৰায় প্ৰায়  ৬ -২০ বজাত ঘিলামৰা অভিমুখে আহি থকা বাহনখনৰ সন্ধানত বগীনদী আৰক্ষীয়ে থানাৰ সন্মুখত নাকা তালাচী লগোৱাৰ সময়তে বিপদৰ উমান পাই হাফ পেন্ট পৰিহিত সৰবৰাহকাৰীটোৱে বগীনদী দলং পোৱাৰ আগতে গাড়ী ৰাখি পৰিস্থিতি অধ্যয়ন কৰিবলৈ এটা চিগাৰেট হুপি কিছুসময় অপেক্ষা কৰে ।

পৰৱৰ্তী সময়ত তীব্ৰ বেগত  গৈ গাড়ীখনে আৰক্ষীৰ তালাচী বেহু ভাঙি পলায়ন কৰে । তীব্ৰ বেগত গোগামুখ অভিমুখে যোৱা গাড়ীখনৰ সন্মুখ  অংশ চেক পোষ্টত খুন্দিয়াই যোৱাৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ স্বত্বেও চালকজনে মুখ্য পথ এৰি  দুলুং ফৰেষ্টৰ ভিতৰেদি গোপন পথেৰে গেৰুকামুখ দিশে ৰাওনা হয় ।

এই সন্দৰ্ভত গোগামুখ আৰক্ষীয়ে খবৰ লাভ কৰি গেৰুকামুখ আৰক্ষীৰ সহযোগত চলোৱা তালাচীকালত গাড়ীখন গেৰুকামুখ বনভোজথলীৰ এক অংশত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে । গাড়ীখন লক কৰি এৰি চালক তথা চোৰাং বেপাৰীটো পলায়ন কৰে ।

গোগামুখ আৰক্ষী থানাৰ অ' চি পেগুৱে পৰিত্যক্ত গাড়ীখনৰ ভিতৰত পলিথিনেৰে মেৰিয়াই থোৱা আপত্তিজনক সন্দেহযুক্ত সামগ্ৰী বাহিৰৰ পৰা প্ৰত্যক্ষ কৰি মেকানিকৰ জৰিয়তে ৰাইজৰ উপস্থিতিত গাড়ীখন খোলাৰ পাছত উদ্ধাৰ হয় ৯ পেকেট নিষিদ্ধ ভাং ।  অ' চি দলেয়ে জনোৱা মতে জব্দকৃত ভাঙখিনিৰ ওজন প্ৰায় ৪৫ কেজি । বজাৰ মূল্য প্ৰায় ৪ লাখ টকা । 

গোগামুখ আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।গোগামুখ আৰক্ষীয়ে সন্দেহ কৰা মতে গাড়ীখনৰ চালক হিচাপে আছিল গাড়ীখনৰ স্বত্বাধিকাৰী দীপ্তি শইকীয়াৰ পুত্ৰ বিনয় শইকীয়া । যিগৰাকী বাতৰি লেখা পৰ্যন্ত পলাতক অৱস্থাত আছে ।

উল্লেখযোগ্য যে ঘিলামৰা আৰক্ষী থানাৰ নিচেই সমীপতে এইজন সমাজবিৰোধী ব্যক্তিয়ে বছৰ বছৰ  ধৰি আৰক্ষীৰ  জ্ঞাতসাৰেই মুকলিভাৱে নিষিদ্ধ নিচাযুক্ত সামগ্ৰীৰ বেহা চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । বিষয়টো আৰক্ষীৰ তীক্ষ্ণ নজৰত আছিল ।

লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলাত নিষিদ্ধ বেহা মেলি কোৰোণাৰে ধন ঘটা এইজন বেপাৰীৰ ক'লা বেহাৰ সৈতে আৰক্ষীৰ এটা চক্ৰৰ আশীৰ্বাদ থকা বিষয়টো ৰাইজৰ মুখে মুখে চর্চা চলিছিল । আৰক্ষীক হাত কৰি গোপন বেহা মুকলিকৈ মেলি অহা এইটো বেপাৰীৰ বিলাসী বাহন নিষিদ্ধ সামগ্ৰীসহ আৰক্ষীৰ জিম্মালৈ গ'ল যদিও চতুৰ সৰবৰাহকাৰীতো পলাল ।

অৱশ্যে ৰঙা ঘৰৰ আলহী হোৱাৰ ভয়ত ত্ৰস্তমান পলাতক ভাং সৰবৰাহকাৰীটোৰ সন্ধানত নামি পৰিছে গোগামুখ আৰক্ষী । গোগামুখ থানাৰ অ' চি প্ৰণৱ দলেয়ে এন ডি পি এছ আইনৰ আধাৰত এক গোচৰ গেৰুকামুখ আৰক্ষী চকীত ৰুজু কৰি জব্দকৃত  সামগ্ৰীৰ নমুনা ফৰেনছিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । গোগামুখ থানাৰ আৰক্ষী বিষয়া দলেৰ এনে তৎপৰতাই সচেতন মহলৰ প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে।

গোগামুখত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ
চৰকাৰৰ বৰঘৰত থাকি কোটি টকাৰ লুন্ঠন বিজেপি নেতাৰ! ক্রাইম ব্রাঞ্চৰ জালত দুই প্রৱঞ্চক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in