মহানগৰীত চাঞ্চল্যঃ ৰাজপথতে স্বামীয়ে হানি-খুচি হত্যা কৰিলে পত্নীক...

মহানগৰীত চাঞ্চল্যঃ ৰাজপথতে স্বামীয়ে হানি-খুচি হত্যা কৰিলে পত্নীক...
Published on
Updated on

ডিজিটেল ডেস্কঃ মঙলবাৰে মহানগৰীৰ ৰাণী গেটত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। স্বামীয়ে চুৰিৰে হানি-খুচি হত্যা কৰে পত্নীক।

মৃত পত্নীগৰাকী বৈজয়ন্তী ৰাভা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি সুৰাপান কৰি সামান্য কথাতে ঘাইপথৰ দাঁতিতে পত্নীক হত্যা কৰে স্বামীয়ে। তাৰপাছতে পলায়ন কৰে ঘটনাস্থলীৰ পৰা।

পৰৱৰ্তী সময়ত পলাতক স্বামী বিনয় ৰাভাক হাবিৰ পৰা আটক কৰে আৰক্ষীয়ে। ৰাণী গেটত দম্পতীহালে শাক-পাচলিৰ ব্যৱসায় কৰিছি। ঘটনাৰ পাছতমহিলাগৰাকীক চিকিৎসালয়লৈ নিয়ে যদিও মৃত ঘোষণা কৰে চিকিৎসকে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

মহানগৰীত চাঞ্চল্যঃ ৰাজপথতে স্বামীয়ে হানি-খুচি হত্যা কৰিলে পত্নীক...
হিমাচলত স্থবিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীঃ ভূমিস্খলনে প্ৰাণ ল'লে অৰ্ধ শতাধিক লোকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in