ডিজিটেল ডেস্ক : ৰাজ্যৰ মুখ্যসচিব হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে জ্যেষ্ঠ আই এ এছ বিষয়া পৱন কুমাৰ বৰঠাকুৰক। ১১ আগষ্ট, বৃহস্পতিবাৰে এক নিৰ্দেশনাৰ জৰিয়তে জ্যেষ্ঠ আই এ এছ বিষয়াগৰাকীক এই নিযুক্তি প্ৰদান কৰা হৈছে। অৱশ্যে ১ ছেপ্তেম্বৰতহে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিব। বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ কাৰ্যকাল শেষ হ'ব ৩১ আগষ্টত।
দক্ষ আই এ এছ বিষয়া পৱন কুমাৰ বৰঠাকুৰৰ জন্ম হৈছিল কলিয়াবৰৰ শিলঘাতৰ কামাখ্যা গাঁৱত। তেওঁৰ পিতৃ স্বৰ্গীয় ৰমাকান্ত বৰঠাকুৰ আৰু মাতৃ স্বৰ্গীয়া মহেশ্বৰী বৰঠাকুৰ। কামাখ্যা এল.পি. স্কুলৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰি ১৯৭৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
অত্যন্ত মেধা ছাত্ৰ পৱন কুমাৰ বৰঠাকুৰে কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে ৩য় স্থান দখল কৰিবলৈ সক্ষম হৈছিল। অসমৰ ভিতৰতে তেওঁ গণিত বিষয়ত লাভ কৰিছিল সৰ্বোচ্চ নম্বৰ।
ইয়াৰ পিছত কটন কলেজৰ পৰা বিজ্ঞান শাখাত ১৯৮২ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত তেওঁ অসমৰ ভিতৰতে ৭ম স্থান লাভ কৰি ১৯৮২ চনৰ পৰা ১৯৮৫ চনলৈ দিল্লীৰ ছেইন্ট ষ্টেফেন্স কলেজৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত অনাৰ্চ লৈ স্নাতক পৰ্যায়ত সুখ্যাৰ্তীৰে উত্তীৰ্ণ হৈছিল।
ছেইণ্ট ষ্টেফেন্স কলেজত তেওঁ লাভ কৰিছিল সোণৰ মেডেল। পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ ৩য় স্থান লাভেৰে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। সেইবছৰেই তেওঁ লাভ কৰে কৃতী ছাত্ৰ হিচাপে ছেন্টিনেৰী বঁটা।
অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা স্কলাৰশ্বিপ লাভ কৰা পৱন কুমাৰ বৰঠাকুৰে ১৯৮৯ চনত আই এ এছ বিষয়া হিচাপে যোগদান কৰে। তেওঁ চিভিল চাৰ্ভিছ পৰীক্ষাত দেশৰ ভিতৰতে পদাৰ্থ বিজ্ঞান আৰু গণিত বিষয় লৈ ১৭ নম্বৰ স্থান দখল কৰিছিল।
বৰঠাকুৰে লখিমপুৰ জিলাৰ ঢকুৱাখনাত এছ.ডি.অ' হিচাপে যোগদান কৰাৰ পাছত কোকৰাঝাৰত অতিৰিক্ত উপায়ুক্ত হিচাপে যোগদান কৰে। ইয়াৰ পিছত তেওঁ উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য সচিব হিচাপে যোগদান কৰিছিল।
পৰৱৰ্তী সময়ত কাছাৰ জিলাৰ উপায়ুক্ত হিচাপে কৰ্ম সম্পাদন কৰি ৰাজ্যৰ শিক্ষা বিভাগ, বিত্ত বিভাগ, ঔদ্য়োগিক বিভাগ, সাংস্কৃতিক বিভাগকে ধৰি কেইবাটাও বিভাগত বিভিন্ন দায়িত্ব পালনেৰে নিজৰ দক্ষাতৰ পৰিচয় দাঙি ধৰে।
শেহতীয়াকৈ ৰাজ্যত সংঘটিত হোৱা কেইবাটাও গুৰুতৰ অপৰাধজনিত ঘটনাৰ তেওঁ আছিল তদন্তকাৰী বিষয়া। ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব হিচাপে তেওঁ বহু কেইটা গুৰুত্বপূৰ্ণ অপৰাধ জনিত গোচৰৰ তদন্তকাৰী বিষয়া হিচাপে দায়িত্ব পালন কৰি সফলতাৰে তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰিছে।
ইয়াৰ ভিতৰত ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ ভুৱা এনকাউণ্টাৰ গচৰৰ তদন্ত সফলতাৰে সমাপ্ত কৰি দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰিছে।
এইগৰাকী অসমীয়া আই এ এছ বিষয়াই পৰৱৰ্তী মুখ্য সচিব হিচাপে যোগদান কৰাৰ বাট মুকলি হোৱাত বহুতেই সন্তুষ্টি প্ৰকাশ কৰিছে।
আৰু পঢ়ক : আততায়ীৰ হাতত নিহত ডাঃ ধৰণীধৰ দাসৰ ২৪ সংখ্যক স্মৃতিদিৱসত নলবাৰী জিলা সাহিত্য সভাৰ স্মৰণ…