ফাইজানৰ দেহত আঘাতৰ চিন, দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত ভয়ংকৰ তথ্য পোহৰলৈ

খড়গপুৰ আই আই টিৰ ছাত্ৰ ফাইজান আহমেদৰ মৃত্যু কাণ্ডই লৈছে নতুন মোৰ। অসম সন্তান ফাইজানৰ মৃতদেহ দ্বিতীয়বাৰৰ বাবে কবৰ খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল।

author-image
Asomiya Pratidin
New Update
ফাইজানৰ দেহত আঘাতৰ চিন, দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত ভয়ংকৰ তথ্য পোহৰলৈ

faizan

ডিজিটেল ডেস্কঃ খড়গপুৰ আই আই টিৰ ছাত্ৰ ফাইজান আহমেদৰ মৃত্যু কাণ্ডই লৈছে নতুন মোৰ। অসম সন্তান ফাইজানৰ মৃতদেহ দ্বিতীয়বাৰৰ বাবে কবৰ খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল। এই মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য।

সূত্ৰ অনুসৰি জানিব পৰা মতে, দ্বিতীয় মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছে যে ফাইজানে আত্মহত্যা কৰা নাছিল। দেহৰ বিভিন্ন স্থানত আঘাতৰ চিন আছিল। যাৰ বাবে হত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, বিগত বছৰৰ ১৪ অক্টোবৰত হোষ্টেলৰ কোঠাৰ পৰাই উদ্ধাৰ হৈছিল ফাইজানৰ অৰ্ধগলিত মৃতদেহ। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত ফাইজানে ৰেগিঙৰ নামত তেওঁৰ ওপৰত চলা অমানুষিক অত্যাচাৰৰ বিষয়ে অভিযোগ উত্থাপন কৰিছিল। কিন্তু আই আই টি কৰ্তৃপক্ষই কোনো পদক্ষেপ হাতত লোৱা নাছিল। আই আই টিয়ে এয়া এক আত্মহত্যা বুলি কৈছিল।

ফাইজানৰ মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্যৰ। ৰেগিঙৰ নামত হত্যা কৰাৰ অভিযোগ তুলি পৰিয়ালৰলোকে দাখিল কৰিছিল এজাহাৰ। ইয়াৰ পিছতেই কলিকতা উচ্চ ন্যায়ালয়ে এটাৰ পিছত আন এটা শুনানি গ্ৰহণ কৰাৰ পিছতো প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই ৰেগিঙৰ লগত জড়িত ছাত্ৰ সকলৰ নাম দাখিল নকৰাত ক্ষোভ ব্যক্ত কৰিছিল ন্যায়ালয়ে।

পৰিয়ালটোক ন্যায় প্ৰদান কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান দিনৰ পূৰ্বে ঘোষণা কৰিছিল উচ্চ স্তৰীয় তদন্তৰ। যাৰ বাবে চি আই ডিৰ হাতলৈ গৈছিল সমগ্ৰ তদন্ত প্ৰক্ৰিয়া। এই তদন্তৰ খাতিৰতেই চি আই ডিয়ে ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত কবৰস্থানৰ পৰা ফাইজানৰ মৃতদেহ খান্দি উলিয়াইছিল।

ফাইজানৰ পৰিয়ালে অভিযোগ কৰিছিল যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড আৰু আই আই টি কৰ্তৃপক্ষই ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰি আহিছে। এতিয়া ন্যায়ৰ বাবে অপেক্ষা কৰিছে পৰিয়ালটোৱে।

Also Read: ছাত্রীৰ মৃত্যু ঘটনাঃ আদালতত হাজিৰ কৰোৱা হ'ব এ কে কনষ্ট্ৰাৰচনৰ দুই কৰ্মচাৰীক, এজন পলাতক

IIT