ডিজিটেল সংবাদ, দুমুনিচকী : কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত শিমেলিবাৰী গাঁৱত উদ্ধাৰ হোৱা মৃত মহিলাগৰাকীৰ হত্যাকাৰীক অৱশেষত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে যোৱা ১৪ তাৰিখে ৰাতিপুৱা শিমেলিবাৰী গাওঁ নিবাসী চামিনা বেগম (৪০) নামৰ মহিলাগৰাকীক নিজৰ শোওনি কোঠাত ৰহস্যজনক ভাবে মৃত অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। ইয়াৰ উপৰি মহিলা গৰাকীৰ মবাইল ফোনটো আৰু ফ্ৰীজ এটা ক্ৰয় কৰিবলৈ থোৱা নগদ ধনো নোহোৱা হয়।
উল্লেখ্য যে মহিলা গৰাকীৰ স্বামী ইবাদুল ইছলামে কৰ্ম সুত্ৰে গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত থাকে। তাৰে সুযোগ গ্ৰহণ কৰি পত্নী চামিনাই দীৰ্ঘদিন ধৰি কেইবাজনো যুবকৰ সৈতে প্ৰেমৰ সম্পৰ্ক চলাই আহিছে। এজনৰ পৰা গোপন কৰি আনজনৰ সৈতে চলোৱা প্ৰেমৰ সম্পৰ্ক যেন কাল হ'ল সন্তানহীনা মহিলা চামিনাৰ।
প্ৰথম অৱস্থাত মহিলা গৰাকীক কোনে হত্যা কৰিলে সেই বিষয়ে স্বামীৰ পৰিয়ালৰ লোকে নিশ্চিত হ'ব পৰা নাছিল যদিও বাইহাটা চাৰিআলি আৰক্ষীয়ে তদন্ত কৰি অৱশেষত হত্যাকাৰী প্ৰেমিক যুৱকক আটক কৰিবলৈ সক্ষম হয়।
বিষয় সন্দৰ্ভত একেখন গাওঁ নিবাসী সঞ্জিৱ ৰহমান ওৰফে পাপু নামৰ যুবক এজনক কালি আটক কৰাৰ লগতে মহিলা গৰাকীৰ মবাইল ফোনটো উদ্ধাৰ কৰে। আটকাধীন যুৱকক বাইহাটা চাৰিআলি আৰক্ষীয়ে আজি ৰঙিয়া আদালতত হাজিৰ কৰায় পুনৰ দুদিনৰ জিম্মাত আনে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ অভিযোগৰ ভিত্তিত বাইহাটা চাৰিআলি আৰক্ষীয়ে ১০৯/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰে।