ডিজিটেল সংবাদ,লামডিঙ : ৰাজ্যত অব্যহত বাৰ্মিজ চুপাৰীৰ ছিণ্ডিকেট ৷ প্ৰতিদিনে সৰৱৰাহকাৰীয়ে অবলম্বন কৰি আহিছে ন ন কৌশল ৷ এটা দিন পূৰ্বে উদালিৰ পিছত যোৱা নিশা লামডিঙত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী ৷ নিশা লামডিঙ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিয়ষা চন্দন বৰাৰ নেতৃত্বত লামডিঙ লংকা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলালে অভিযান ৷ অভিযানত আটক কৰে এখন ধান কঢ়িয়াই নিয়া এখন বাহন ৷
ধানৰ বস্তাৰ পৰা ওলাইছে চুপাৰীৰ বস্তা । সৰবৰাহকাৰী যদি ডালে ডালে তেন্তে আৰক্ষী এতিয়া পাতে পাতে হৈ পৰিছে ৷ চুপাৰীৰ সৰৱৰাহকাৰীয়ে এইবাৰ ধানৰ বস্তাৰ মাজত সৰু সৰু টোপোলা কৰি ৰাজ্যত সৰৱৰাহ কৰিবলৈ লৈছে বাৰ্মিজ চুপাৰীৰ বেহা ৷ সৰৱৰাহকাৰীৰ প্ৰতিটো কৌশলে আৰক্ষীৰ হাতৰ পৰা সাৰী যাবলৈ সক্ষম হোৱা নাই ৷ AS 02 AC 5218 নম্বৰৰ এখন 407বাহনখন লামডিঙত আটক কৰে ৷ হাইলাকান্দিৰ পৰা যমুনামুখলৈ কঢ়িয়াই থকাৰ সময়তে লামডিঙত আৰক্ষীয়ে জব্দ কৰে ৷
আৰক্ষীয়ে ৭০টা বস্তাত প্ৰায় ১০৫০ কেজি বাৰ্মিজ চুপাৰী জব্দ কৰাৰ লগতে উদালীৰ ফুলতলীৰ নিৱাসী তথা গাড়ী চালক কলিম উদ্দিনক আটক কৰিছে ৷ আৰক্ষীৰ মতে জব্দ কৰা চুপাৰীখিনিৰ বজাৰ মূল্য প্ৰায় ১২ পৰা ১৫ লাখ টকা হ'ব বুলি জানিব দিয়ে ৷ এইদৰেই ৰাজ্যত অব্যাহত আছে চুপাৰীৰ ছিণ্ডিকেট ৷