আজি বিশ্ব ৰেডিঅ' দিৱস,কাজিৰঙাৰ অৰণ্যত ৰেডিঅ'ৰ প্ৰাসংগিতা

আজি বিশ্ব ৰেডিঅ' দিৱস,কাজিৰঙাৰ অৰণ্যত ৰেডিঅ'ৰ প্ৰাসংগিতা
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙা : আজি বিশ্ব ৰেডিঅ দিৱস ৷২০১১ চনৰ ৩ নবেম্বৰত ১৩ ফেব্ৰুৱাৰী দিনটো বিশ্ব ৰেডিঅ' দিৱস হিচাবে পালন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে ইউনেস্কই ৷ ডিজিটেল ক্ষেত্ৰৰ উত্তৰণৰ ফলত বৰ্তমান বিলুপ্তিৰ দিশত এসময়ৰ যোগাযোগ বা মনোৰঞ্জনৰ একমাত্ৰ বেতাঁৰ আহিলা ৰেডিঅ' ৷

ইয়াৰ মাজতো কিন্তু কোনো কোনোৱে এৰিব এৰিব পৰা নাই ৰেডিঅ'ৰ মোহ ৷ ইণ্টাৰনেট ব্যৱস্থাই ঢুকি নোপোৱা বহু স্থানত এতিয়াও একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাবে স্থান পাই আহিছে ৰেডিঅ'ই ৷ তাৰ অন্যতম উদাহৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্য ৷ বৰ্তমান এনড্ৰইড মোবাইল যুগতো ৰাষ্ট্ৰীয় উদ্যানখনৰ একাংশ বন শিবিৰত উপলব্ধ ৰেডিঅ' ৷

কাৰণ গভীৰ অৰণ্যৰ মাজত কোনো কোনো এলেকাত ডিজিটেল নেটৱৰ্কিং শূন্য ৷ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে কিছু দিনৰ পূৰ্বে দিয়া ছেটেলাইট ফোনৰ ব্যৱস্থাও নাই প্ৰতিটো বনশিবিৰত ৷ যাৰ বাবে কৰ্তব্যৰ খাতিৰত পৰিয়াল তথা জনসমাগমৰ পৰা বহু নিলগত দিনে নিশাই কৰ্তব্য পালন কৰি অহা একাংশ বনকৰ্মীয়ে দেশৰ খা-খবৰ বা মনৰ অৱসাদ দূৰ কৰিবলৈ সযতনে ৰাখিছে ৰেডিঅ'টো ৷ ৰেডিঅ'টোৰ মাজতে তেওঁলোকে বিচাৰি পাই মনৰ উদ্যম তথা মানসিক প্ৰশান্তি ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in