২০২১ চনতো কেলেংকাৰী সংঘটিত কৰিছিল ছয়দুৱাৰ উন্নয়ন খণ্ডৰ সদ্য নিলম্বিত বিডিঅ'ই

তদানীন্তন সহকাৰী আয়ুক্ত প্ৰভাত পেগুৱে কৰিছিল এই কেলেংকাৰীৰ দণ্ডাধীশ পৰ্য্যায়ৰ তদন্ত
২০২১ চনতো কেলেংকাৰী সংঘটিত কৰিছিল ছয়দুৱাৰ উন্নয়ন খণ্ডৰ সদ্য নিলম্বিত বিডিঅ'ই
২০২১ চনতো কেলেংকাৰী সংঘটিত কৰিছিল ছয়দুৱাৰ উন্নয়ন খণ্ডৰ সদ্য নিলম্বিত বিডিঅ'ই
Published on
Updated on

ডিজিটেল সংবাদ, ছয়দুৱাৰ : এমজিএনৰেগা আঁচনিৰ ৯,৬৭,৭১৫ টকাৰ এক বিত্তীয় কেলেংকাৰী সংঘটিত কৰি ধৰা পৰাৰ পিছত চাকৰিৰ পৰা নিলম্বিত হৈছে ছয়দুৱাৰ উন্নয়ন খণ্ডৰ বিডিঅ' অৰুণ কুমাৰ দাস। চাকৰিৰ পৰা নিলম্বন হোৱাৰ পিছত গহপুৰ মহকুমাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ সদ্য নিলম্বিত খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাসে ২০২১ চনতো এমজিএনৰেগাৰ ৫৮ লাখ টকাৰ (সামগ্ৰীৰ পুঁজি) এক ভয়াৱহ কেলেংকাৰী সংঘটিত কৰাৰ কথা পোহৰলৈ আহিছে।

উক্ত সময়ছোৱাত তেওঁৰ এই বিত্তীয় কেলেংকাৰী পোহৰলৈ আনিছিল অসমীয়া প্ৰতিদিনে। চৰকাৰী পুঁজি দেখিলেই নিজৰ লুণ্ঠণকাৰী চৰিত্ৰক লেকাম লগাব নোৱাৰা এইগৰাকী ঘোচখোৰ আৰু দুৰ্নীতিপৰায়ন বিডিঅ'ই সেইসময়ত সংঘটিত কৰা ৫৮ লাখ টকাৰ এমজিএনৰেগাৰ বিত্তীয় কেলেংকাৰী সম্পৰ্কত অসমীয়া প্ৰতিদিনৰ ১২/০২/২০২১ তাৰিখৰ সংখ্যাত "ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যলয়ত এনৰেগা আঁচনিৰ ৫৮ লাখ টকাৰ কেলেংকাৰী" শিৰোনামাৰে এটা তথ্য সমৃদ্ধ বাতৰি প্ৰকাশ পাইছিল।

প্ৰকাশিত বাতৰিটোৰ ভিত্তিত উক্ত বিত্তীয় কেলেংকাৰীৰ ওপৰত বাতৰিটো প্ৰকাশ হোৱাৰ দিনাই এক দণ্ডাধীশ পৰ্য্যায়ৰ তদন্ত ঘোষণা কৰিছিল গহপুৰ মহকুমাৰ তদানীন্তন মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱে।গহপুৰ মহকুমাৰ তদানীন্তন সহকাৰী আয়ুক্ত প্ৰভাত পেগুৱে কৰা তদন্তৰ এই প্ৰতিবেদন পৰবৰ্তী সময়ত ৰহস্যজনকভাৱে গাপ লাগি থাকিল। একেৰাহে চাৰি বছৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যলয়ত উঠি ৰজা বহি ৰজা হৈ দুৰ্নীতিৰ ধনেৰে সম্পত্তিৰ পাহাৰ গঢ়া এইগৰাকী দুৰ্নীতিৰ সম্ৰাট অৰুণ কুমাৰ দাসক এটা ৰাজনৈতিক শক্তিয়ে ছাঁৰ দৰে আবৰি ৰখাৰ কাৰণেই সেই সময়ত তেওঁৰ বিৰুদ্ধে হোৱা দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তক লৈ অকণো কেৰেপ কৰা নাছিল অৰুণ কুমাৰ দাসে।

যাৰ বাবে টেঁটুলৈকে দুৰ্নীতি-কেলেংকাৰীত ডুব যোৱাৰ পিছতো দুৰ্নীতি কৰিবলৈ এৰা নাছিল বিডিঅ' অৰুণ কুমাৰ দাসে। ২০২১ চনত তেওঁ সংঘটিত কৰা কেলেংকাৰীটো আছিল এনেধৰণৰ ২০১৯ বৰ্ষত ৰূপায়িত হোৱা এনৰেগা আঁচনিৰ সামগ্ৰীৰ বাবদ পাবলৈ থকা প্ৰায় ৫৮ লাখ টকা উন্নয়ন খণ্ডটোলৈ আবণ্টন হৈছিল।উক্ত টকা ২০২১ চনৰ ১ ফ্ৰেব্ৰুৱাৰীত পঞ্জীয়ন ভুক্ত সাতগৰাকী ভেণ্ডৰৰ নিজা নিজা একাউন্টত অন লাইন প্ৰক্ৰিয়াৰে সোমাইছিল। কিন্তু উক্ত চৰকাৰী আঁচনিৰ টকাৰে কাম কৰাৰ সলনি অৰুণ কুমাৰ দাসৰ পৃষ্ঠাপোষকতাত ভাগ-বাটোৱাৰাৰ হিচাপ-নিকাচ চলিছিল ছয়দুৱাৰ উন্নয়ন খণ্ড বিষয়াৰ কাৰ্য্যলয় কক্ষত।

উক্ত টকা আৱণ্টন হোৱাৰ আগতীয়া খবৰ পাই খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাসে ভেণ্ডৰসকলৰ একাউণ্টত টকা সোমোৱাৰ দুদিন পূৰ্বে একাংশ ভেণ্ডৰৰ পৰা তেওঁলোকৰ নামৰ চেকত কৌশলগতভাৱে চহী কৰাই ৰাখিছিল। যেতিয়া ১/২/২০২১ত ভেণ্ডৰসকলৰ একাউন্টত টকা সোমোৱা বুলি খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে জানিব পাৰিছিল তেতিয়া তেওঁ টকা সমূহ ভেণ্ডৰৰ পৰা চহী কৰি থোৱা চেকৰ জৰিয়তে "বিডিঅ' ছয়দুৱাৰ" বুলি অসম গ্ৰামীণ বিকাশ বেংকৰ বৰঙাবাৰী শাখাত থকা বেংক একাউণ্টটোলৈ ট্ৰেণ্সৰ্ফাৰ কৰিবলৈ কৌশল অবলম্বন কৰিছিল।

যি সকল ভেণ্ডৰৰ অসম গ্ৰামীণ বিকাশ বেংকত বেংক একাউণ্ট আছে সেইসকলৰ একাউন্টৰ পৰা ১ /২/২০২১ৰ দিনাই সমূদায় ধন বিডিঅ ছয়দুৱাৰ নামৰ বেংক একাউণ্টটোলৈ ট্ৰেণ্সৰ্ফাৰ হৈ যোৱাত বাকী সকল ভেণ্ডৰে সোমোৱা টকাখিনি যাতে বিডিঅ'ই ট্ৰেণ্সৰ্ফাৰ কৰি নিব নোৱাৰে তাৰ বাবে প্ৰয়োজনীয় কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিছিল।

উক্ত ৭গৰাকী ভেণ্ডৰৰ ভিতৰত দুগৰাকী ভেণ্ডৰৰ প্ৰায় ১১ লাখ টকা বিডিঅ ছয়দুৱাৰ নামৰ বেংক একাউণ্টটোলৈ ট্ৰেণ্সৰ্ফাৰ হৈছিল। এনেদৰে ব্যক্তিগত বেংক একাউণ্টৰ পৰা চৰকাৰী একাউণ্টলৈ টকা ট্ৰেণ্সৰ্ফাৰ কৰা বিষয়টোক লৈ সেই সময়ত ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যলয়টো উত্তপ্ত হৈ পৰিছিল।

তেতিয়া একাংশ প্ৰতিবাদী ভেণ্ডৰক বিডিঅ' বিডিঅ' দাসে আশ্বস্ত কৰিবলৈ ১০ শতাংশ পকেটস্থ কৰি বাকী টকা বিডিঅ'ক দিবলৈ মন্ত্ৰনা দিছিল। এনেদৰে বুকু ফিন্দাই ধাৰাবাহিকভাৱে দুৰ্নীতি অনিয়ম কৰি অহা অৰুণ কুমাৰ দাসৰ বাবে ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যলয়টো খিৰতী গাই স্বৰূপ হৈ পৰিছিল।

শেহতীয়াকৈ উথাপন হোৱা আন এক অভিযোগ মতে- এনৰেগাৰ ডিমাণ্ড দিবলৈ প্ৰতিটো ডিমাণ্ডৰ বিপৰীতে তেওঁক দিব লাগে উৎকোচ।ঘোচ অবিহনে খোজ নলৰা এগৰাকী বিডিঅ'ই আঁচনিৰ গাইডলাইন মতে কাম নকৰি সমূদায় ধন পকেটস্থ কৰাৰো তথ্য পোৱা গৈছে। উল্লেখযোগ্য যে,ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যলয়টো এতিয়া একাংশ বিষয়া-কৰ্মচাৰী,একাউন্টটেণ্ট আৰু অভিযন্তাৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে।

গুৰু গোঁসাই নামানি ওভোতগোৰে নচা এই সকল ঘোচখোৰ বিষয়া-কৰ্মচাৰী আৰু অভিযন্তাৰ লুণ্ঠনকাৰী স্বভাৱৰ বাবে প্ৰতিটো চৰকাৰী আঁচনিত কমিছনৰ ভাগ-বাটোৱাৰ চলিছে। গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ পৰা আৰম্ভ কৰি প্ৰতিটো চৰকাৰী আঁচনিত চলি অহা দুৰ্নীতি-অনিয়মত অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ সচেতন ৰাইজ।

এনৰেগাৰ উপৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনি,চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিতো সংঘটিত হৈছে ভয়াৱহ কেলেংকাৰী। ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যলয়ত সংঘটিত হৈ অহা দুৰ্নীতিৰ প্ৰকোপ দেখি এতিয়া বহুতেই মুকলিকৈ ক'বলৈ লৈছে যে, কংগ্ৰেছৰ ১৫ বছৰীয়া কাৰ্য্যকালতকৈ বিজেপিৰ ৭ বছৰীয়া কাৰ্য্যলয়ত সীমা চেৰাই গৈছে দুৰ্নীতি আৰু অনিয়মে।

২০২১ চনতো কেলেংকাৰী সংঘটিত কৰিছিল ছয়দুৱাৰ উন্নয়ন খণ্ডৰ সদ্য নিলম্বিত বিডিঅ'ই
মাঘ বিহুৰ পূৰ্বেই স্বাক্ষৰিত হ’ব আলফা-চৰকাৰৰ শান্তিচুক্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in