ডিজিটেল সংবাদ,বিহালী : ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণৰ শুকুৰবাৰে বিশ্বনাথ জিলাৰ বিহালীত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয় । বিহালী বিধানসভা সমষ্টি ভিত্তিক এই প্ৰতিযোগিতাত আজি সমষ্টিটোৰ ১৭ খন গাওঁ পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে।
বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। এই প্ৰতিযোগিতাত প্ৰাক্তন খেলুৱৈ বিজয় লিম্বুৱে অলিম্পিক শিখা প্ৰজ্বলন কৰি বিহালী সমষ্টিৰ খেল মহাৰণৰ শুভাৰম্ভ কৰাৰ লগে লগেই বিভিন্ন পঞ্চায়তৰ পৰা অহা প্ৰতিযোগীসকলে প্ৰতিনিধিত্ব কৰা নিজ নিজ গাঁও পঞ্চায়তৰ দলৰ জৰিয়তে মাৰ্ছ পাছত অংশগ্ৰহণ কৰে আৰু উপস্থিত অতিথি সকলে অভিবাদন গ্ৰহণ কৰে।
আজিৰ শুভাৰম্ভণি অনুষ্ঠানত বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত,আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, বিহালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰমেন বৰা, জিলা ক্ৰীড়া বিষয়া অংকুৰ জ্যোতি পাঠক উপস্থিত থাকে । এই অনুষ্ঠানত এটি ঝুমুৰ নৃত্য, বিহু নৃত্য আৰু ব্ৰেণ্ড পাৰ্টিৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয়।
Also Read: চিলাপথাৰত সদৌ অসম হাজং ছাত্ৰ সন্থা আৰু হাজং জাতীয় পৰিষদৰ অধিৱেশন