ডিজিটেল সংবাদ,বিহালী : বিশ্বনাথ কুমলীয়া পঞ্চায়তত লিভলিহোদ এন্টাৰপ্ৰাইজ ডেভেলপমেণ্ট প্ৰগেমৰ জৰিয়তে অঞ্চলটোৰ লোকে মৰাপাটৰ বিভিন্ন সামগ্ৰী যেনে- হেণ্ডবেগ ,মেট,ফুলদানী আদি বনাই এখন বজাৰ গঢ়ি তুলি উপাৰ্জনক্ষম হ'ব পাৰে তাৰ বাবে নাৰ্বাডে বিভিন্ন স্থানত কাম কৰি আহিছে। আনহাতে এইক্ষেত্ৰত কেডেট নামৰ স্বেচ্ছাসেৱী সংগঠনেও বিভিন্ন উদ্যোগলৈ কাম কৰি আছে ৷
ৰাইজৰ সুবিধাৰ বাবে কুমলীয়া পঞ্চায়তত মৰাপাটৰ সামগ্ৰী বনোৱাৰ প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰা হয়। শুভ উদ্বোধন কৰে নাৰ্বাদৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ জিলা প্ৰৱন্ধক সুমন চেৰ্টাজীয়ে ৷
উল্লেখ্য যে কেডেটৰ উদ্যোগত আৰু নাৰ্বাদৰ সহযোগত ৯০ গৰাকী মহিলাক ২০দিনীয়া প্ৰশিক্ষণ দিব ৷ এই প্ৰশিক্ষণ দি বনোৱা সামগ্ৰীসমূহ যাতে বজাৰত বিক্ৰী কৰিব পাৰে তাৰ বাবে নাৰ্বাডে সহায় কৰিব বুলি জানিবলৈ দিয়ে ৷ উক্ত কাৰ্যসূচীত বিশ্বনাথ জিলা পৰিসদৰ সদস্য সতেন্দ্ৰ হাজৰিকা,ব্লক প্ৰগ্ৰেম মেনেজাৰ, কুমলীয়া পঞ্চায়ত সভানেত্ৰী, জীবিকা সখী, কৃষক বহু ৰাইজ উপস্থিত থাকে।
Also Read: নেহৰুবালিৰ ভক্তিস্থলত নগাঁও ভাওনা সমাৰোহ