মাৰ্ঘেৰিটাত মানৱ সমাজক লজ্জানত কৰা ঘটনা

dangor khabar
dangor khabar
Published on
Updated on

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : আধুনিক সভ্য মানৱ সমাজ কোন দিশে গতি কৰিছে ! এইয়া বৰ্তমান সময়ত এক চিন্তনীয় বিষয় হিচাপে চিহ্নিত হৈছে। একাংশ অমানুহৰ বাবে বাৰে বাৰে লজ্জিত হৈছে সভ্য মানৱ সমাজ।

দেওবাৰে মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানীৰ টিৰাপ নদীত সদ্যোজাত শিশুৰ মৃতদেহ উদ্ধাৰৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই মঙলবাৰে বিয়লি পুনৰ মাৰ্ঘেৰিটাৰ নামদাঙত চাহ বাগিছাৰ নামটক নদীত উদ্ধাৰ হৈছে নৱজাত কন্যা শিশুৰ মৃতদেহ। কোনো অবিবাহিত কিশোৰী যুৱতীয়ে লোক লজ্জাৰ পৰাৰ হাত হাৰিব বাবেই জন্মৰ পিছতেই কন্যা নৱজাত শিশুটিক নদীত পেলাই দিয়া সন্দেহ স্থানীয় লোকৰ।

বাগিছাখনৰ শ্ৰমিকে নদীৰ বুকুত সদ্যোজাত মৃতদেহটো প্ৰত্যক্ষ কৰি মাৰ্ঘেৰিটা আৰক্ষীক অৱৰ্গত কৰে। ঘটনাৰ বিষয়ে জানিব পাৰি লগে লগে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ উপ পৰিদৰ্শক দিলিপ কুমাৰ দাসৰ নেতৃত্বত আৰক্ষী দল এটা ঘটনাস্থলীত উপস্থিত হৈ মৃত নৱজাত কন্যা শিশুটি মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰাৰ লগতে মৃতদেহৰ মৰোণোত্তৰ পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

ঘটনা সংক্ৰান্তত মাৰ্ঘেৰিটা আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। সদ্যোজাত কন্যা শিশুটি কৰ পৰা উটি আহিল বা কোনে নদীত পেলালে সেইয়া আৰক্ষীৰ অনুসন্ধানত হে পোহৰলৈ আহিব।

dangor khabar
বাট-পথ মেৰামতি বাবে ওলাই আহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in