ইণ্ডিয়ান আৰ্মীত যোগদানৰ সপোন দেখা যুৱতীৰ বাবে সু-খবৰ…

ইণ্ডিয়ান আৰ্মীত যোগদানৰ সপোন দেখা যুৱতীৰ বাবে সু-খবৰ…

author-image
asomiyapratidin
New Update
ইণ্ডিয়ান আৰ্মীত যোগদানৰ সপোন দেখা যুৱতীৰ বাবে সু-খবৰ…

ডিজিটেল ডেস্ক : দেশৰ হকে জীৱন উচৰ্গা তথা দেশ মাতৃৰ বাবে জীৱনে মৰণে যুঁজ দিয়াৰ এক নাম ভাৰতীয় সেনা (ইণ্ডিয়ান আৰ্মী)। ভাৰতীয় সেনাত যোগদান কৰাৰ সপোন পুহি ৰাখে বহুজনে। কেৱল পুৰুষেই নহয়, বহু যুৱতীয়েও ইণ্ডিয়ান আৰ্মীত যোগদান কৰাৰ সপোন দেখে। সেই ক্ষেত্ৰত যুৱতী সকলৰ বাবে আছে সু-খবৰ। কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা অগ্নিপথ আঁচনিৰ জৰিয়তে মহিলা অগ্নিবীৰৰ বাবে অনলাই ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে।

উল্লেখ্য যে অহা ৭ চেপ্টেম্বৰ ২০২২ ৰেজিষ্ট্ৰেশ্যনৰ অন্তিম তাৰিখ। সামৰিক আৰক্ষীৰ জোনেল পদৰ বাবে যোৱা ৯ আগষ্টৰ পৰা ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে আৰু ৭ তাৰিখলৈকে এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া বাহাল থাকিব। এই মহিলা অগ্নিবীৰ পদৰ বাবে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া এনেধৰণৰ – প্ৰথমে ইণ্ডিয়ান আৰ্মীৰ অফিচিয়েল ৱেবচাইট https://www.joinindianarmy.nic.inত যাব লাগিব। পেজটো খোল খোৱাৰ পাছত তাত থকা কাৰ্যখিনি পূৰাব লাগিব।

সেই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত ১২ বা ১৩ অক্টোবৰৰ ভিতৰত এডমিট কাৰ্ড লাভ কৰিব পৰীক্ষাৰ্থীয়ে। ইয়াৰ উপৰিও আবেদনকাৰী সকলে মেট্ৰিক পৰীক্ষাত ৪৫ শতাংশ নম্বৰ লাভ কৰিব লাগিব আৰু প্ৰত্যেক বিষয়ত ৩৫ নম্বৰ পাব লাগিব। তেতিয়াহে ইণ্ডিয়ান আৰ্মীৰ মহিলা অগ্নিবীৰ পদৰ বাবে আবেদন কৰিব পাৰিব। ১৭ বছৰৰ পৰা ২৩ বছৰৰ যুৱতীয়ে এই আবেদন কৰিব পাৰিব। লগতে ফিজিকেল টেষ্টত ১৬০০ মিটাৰ দৌৰ ৪ মিনিটত শেষ কৰিব পাৰিব লাগিব। এই নিয়ম বান্ধি দিছে অগ্নিবীৰ পৰীক্ষা আয়োগে।

আৰু পঢ়ক : স্বাধীনতা দিৱসৰ মাজতে সেনা-এন এছ চি এনৰ সংঘৰ্ষ : ২ জন সেনা আহত…

assam Assam police indian army women