গুৱাহাটীত 'দ্য ব্ৰিজ : ইণ্ডো-বাংলাা শিল্পকলা প্ৰদৰ্শনী' অনুষ্ঠানৰ আৰম্ভ

গুৱাহাটীত 'দ্য ব্ৰিজ : ইণ্ডো-বাংলাা শিল্পকলা প্ৰদৰ্শনী' অনুষ্ঠানৰ আৰম্ভ
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান নৃত্যাঞ্জলি একাডেমীৰ উদ্যোগত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ আৰু বাংলাদেশ আৰ্টিষ্ট গ্ৰুপৰ সহযোগত ২ মে'ৰ পৰা ৬ মে' লৈ মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা ভৱনৰ কলা বীথিকাত 'দ্য ব্ৰিজ : ইণ্ডো-বাংলাা শিল্পকলা প্ৰদৰ্শনী' আৰম্ভ হৈছে। প্ৰদৰ্শনীখনৰ পৰিকল্পনা, সমন্বয়ক আৰু কিউৰেটৰ প্ৰবীন কুমাৰ নাথ, মনিকা দেৱী আৰু অদিতি চক্ৰৱৰ্তীয়ে জনোৱা মতে 'দ্য ব্ৰিজ'ৰ জৰিয়তে এলানি আন্তৰ্জাতিক শিল্পকলা প্ৰদৰ্শনী ২০১৪ চনৰে পৰা অনুষ্ঠিত কৰি আহিছে।

বিশ্বৰ বিভিন্ন দেশৰ শিল্পীসকলৰ মাজত সাংস্কৃতিক, সৃষ্টিমূলক প্ৰতিভা তথা ভাব-চিন্তাক একেখন মঞ্চত উপস্থাপন কৰাৰ উদ্দেশ্যেৰেই এনে অনুষ্ঠনৰ আয়োজন কৰি অহা হৈছে। প্ৰদৰ্শনীখনত বাংলাদেশৰ উপৰি অসম, ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড, দিল্লী আৰু পশ্চিম বংগৰ কেইবাগৰাকী গুণী শিল্পীয়ে যোগদান কৰিছে।

শিল্পী চম্পক বৰবৰা, দিলীপ তামুলী, অতুল চন্দ্ৰ বৰুৱা, চালেহা আহমেদ, বীৰেন সিংহ, বুদ্ধি থাপা, দীপিকা সাহাকে ধৰি বাংলাদেশৰ শিল্পী ছাইফুল ইছলাম, কে এম এ কায়ুম, মোহাম্মদ ৰফিক, চামিমা আক্তাৰ, জেছমিন আক্তাৰ, মোজাহিদুল ইছলাম প্ৰমুখ্যে সৰ্বমুঠ ৭৬গৰাকী শিল্পীৰ চিত্ৰ, ভাস্কৰ্য, ছপাচিত্ৰ প্ৰদৰ্শন হৈছে। ২ মে'ৰ আবেলি ৪ বজাত উদ্বোধন কৰা প্ৰদৰ্শনীখন দৰ্শকৰ বাবে ৬ মে' দিনৰ ১০ বজাৰ পৰা নিশা ৮ বজালৈকে মুকলি থাকিব।

মঙলবাৰৰ উদ্বোধনী অনুষ্ঠানত বাংলাদেশৰ অগ্ৰজ শিল্পী কায়ুম চৌধুৰী, বাংলাদেশ আৰ্টিষ্ট গ্ৰুপৰ সভাপতি সাইফুল ইছলাম, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত তথা সাংস্কৃতিক কৰ্মী স্বপ্ননীল বৰুৱা, শিল্পী চালেহা আহমেদ, শিল্পী দিলীপ তামুলী উপস্থিত থাকে।

গুৱাহাটীত 'দ্য ব্ৰিজ : ইণ্ডো-বাংলাা শিল্পকলা প্ৰদৰ্শনী' অনুষ্ঠানৰ আৰম্ভ
প্ৰাক্তন চৰকাৰী বিষয়াৰ বিভিন্ন স্থানত তালাচী, জব্দ কোটি কোটি টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in