ডিজিটেল সংবাদ, তামুলপুৰঃ প্ৰতিকূল বতৰৰ মাজতে তামুলপুৰ মহকুমাৰ কুমাৰীকাটা ৰেঞ্জৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ লেব্ৰা শান্তিপুৰত এজনী বনৰীয়া মাইকী হাতী আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে, খাদ্যৰ সন্ধানত ভূটানৰ পাদদেশৰ পৰা নামনিলৈ আহি প্ৰবল বৰষুণৰ বাবে হাতীটোৱে জাকৰ পৰা ফালৰি কাটি লেব্ৰা নদীৰ দাঁতিত আঘাতপ্ৰাপ্ত হৈ বোকা পানীৰ মাজত আৱদ্ধ হৈ পৰে ।
বৃহস্পতিবাৰৰে পৰা লেব্ৰা শান্তিপুৰত পৰি আছে হাতীজনী। ইপিনে বৃহস্পতিবাৰেই কুমাৰীকাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যলয়ে খবৰ লাভ কৰাত বনবিভাগৰ এটি দল ঘটনাস্থলীত উপস্থিত হয় আৰু বিভাগীয় চিকিৎসকৰ দ্বাৰা হাতীটোৰ চিকিৎসা আৰম্ভ কৰে ৷ সম্প্ৰতি কুমাৰীকাটা বনবিভাগৰ নিৰীক্ষণতে আছে বোকা পানীৰ মাজতে আৱদ্ধ হৈ থকা হাতীজনী।
ভূটান সীমান্তত প্ৰবল বৰষুণ হোৱাৰ ফলত বনবিভাগৰ দল বিপাঙত পৰা দেখা গৈছে ৷ জেচিবিৰ সহায়ত আঘাতপ্ৰাপ্ত হাতীজনী উদ্ধাৰ কৰিবলৈ প্ৰয়াস কৰিছে বনবিভাগে ৷ পাৰ্যমানে প্ৰতিকূল বতৰৰ মাজতে হাতীজনীৰ চিকিৎসা আৰু পৰ্যবেক্ষণৰ কাম চলাই আহিছে ৷ বনবিভাগে জনোৱা মতে মাইকী হাতীজনীৰ বয়স ৩০/৩৫ বছৰৰ ঊৰ্দ্ধৰ ৷
আনহাতে হাতীজনী কি দৰে আঘাতপ্ৰাপ্ত হ’ল সেয়া জানিব পৰা হোৱা নাই যদিও স্থানীয় লোক তথা বিভাগে হাতীজনী জাকত থকা আন হাতীৰ সৈতে যুঁজবাগৰ কৰিয়ে আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ কৰিছে ৷
Also Read: জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ বহু ক্লু লাভ চি বি আইৰ তদন্তকাৰী দলৰ