-
ইন্দ্ৰাণী তহবিলদাৰ কাণ্ডৰ নতুন তথ্য।
-
এইবাৰ নাম সাঙোৰ খাইছে জ্ঞানদ্বীপ মহন্তৰ।
-
জ্ঞানদ্বীপ মহন্ত কলিয়াবৰ জিলা বিজেপিৰ উপ-সভাপতি।
-
আজি চানমাৰি থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল মহন্তক।
-
কিন্তু স্বাস্থ্যজনিত কাৰণ দেখুৱাই হাজিৰ নহ’ল জ্ঞানদ্বীপ মহন্ত।
-
পূৰ্বেও জেৰাৰ সন্মুখীন হৈছিল জ্ঞানদ্বীপ মহন্ত।
-
তৃষ্ণা শৰ্মা, জ্ঞানদ্বীপ মহন্তৰ একাউণ্টত ব্যাপক হাৰত ধনৰ লেনদেন।
-
ধনৰ লেনদেনৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।
-
আৰক্ষীক উপযুক্ত তথ্য দিব পৰা নাই জ্ঞানদ্বীপ মহন্তই।
-
চানমাৰি থানাত ৰুজু হৈ আছে ৩২৫/২৩ নম্বৰৰ গোচৰ।
-
এই গোচৰৰ ভিত্তিতেই তলব কৰা হৈছিল জ্ঞানদ্বীপ মহন্তক।
Also Read: ক্রাইম ব্রাঞ্চলৈ সোঁত বৈছে চাইবাৰ অপৰাধীৰ