ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ দুলিয়াজানত সদ্য সমাপ্ত ৪১ তম সদৌ অসম আন্তঃজিলা পুৰুষ – মহিলা বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি বিভিন্ন শাখাত সাফল্য অৰ্জন কৰা লিডু স্পৰ্টছ একাডেমীৰ একুৰিৰো অধিক খেলুৱৈক সম্বৰ্ধনা জনোৱা হয় । বক্সিঙৰ ভুঃস্বৰ্গ হিচাপে খ্যাত লিডুৰ ৰ'দগাৱঁত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে সাংবাদিক হেমন্ত গগৈয়ে ।
বক্সিং প্ৰশিক্ষক বাবলু গড়ে উদ্দেশ্য বাখ্যাৰে আৰম্ভ হোৱা সভাখনত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই খেলুৱৈ সকলৰ অভাৱ – অভিযোগ সমস্যা আদি বুঁজ লয়। তেওঁ লিডুৰ বক্সিং আন্তঃ গাঠঁনিৰ আমূল পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দিয়ে । বক্সিং খেলুৱৈসকলৰ বাবে খেলৰ সামগ্ৰী প্ৰদানৰ লগতে বক্সিং ৰিং আদি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে । ইতিমধ্যে একাডেমীলৈ ২৫ লাখ টকা আবন্টন দিছে ।
একাডেমীৰ সভাপতি সুনীল গুৰুঙে কাৰিকৰী ভাৱে সন্মুখীন হৈ সমস্যা ব্যক্ত কৰি বিধায়ক শৰ্মাৰ হস্তক্ষেপ কামনা কৰে । সভাখনত বিশিষ্ট অতিথি ৰূপে অৱসৰপ্ৰাপ্ত আন্তঃজাতিক বক্সিং খেলুৱৈ কল্পনা চৌধুৰী, জ্যেষ্ঠ সাংবাদিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক জগত চাংমাই তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেব শৰ্মা বৰগোলাই আৰু মাৰ্ঘেৰিটা জিলা পৰিষদৰ সদস্য ক্ৰমে দিবাকৰ ঠাকুৰ নিভাজ্যোতি ফুকন , মাৰ্ঘেৰিটা পৌৰ সভাৰ ৱাৰ্ড সদস্য ভীম কৰ্মকাৰ , মণি দত্ত বিধায়ক প্ৰতিনিধি দিচেন টিপমীয়া আদি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।