ডিজিটেল ডেস্ক : আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি ৯ আগষ্ট, মঙলবাৰে অসম লেখিকা সমাজে মাটি-মানুহ-সমন্বয় দিৱস উদযাপনৰ আয়োজন কৰিছে। মাটিৰ লগত মানুহৰ সম্পৰ্ক গভীৰ আৰু প্ৰেমসিক্ত। সেয়ে অসম লেখিকা সমাজে ৯ আগষ্টৰ দিনটোত দিনৰ ১ বজাৰ পৰা এখনি মুকলি সভা অনুষ্ঠিত কৰাৰ আয়োজন কৰিছে।
সেই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাহিত্য-সংস্কৃতিপ্ৰেমী অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া গায়ত্ৰী বৰুৱা, শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, ভাৰতীয় প্ৰশাসনিক বিষয়া থানেশ্বৰ মালাকাৰ, প্অৰতিমা বৰুৱা পাণ্ডে কলা-কৃষ্টি প্ৰতিষ্ঠানৰ সভাপতি অজিত বৰ্মন, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি।
সভাত বন্তি প্ৰজ্বলন কৰিব বঁটাৰ ন্যাসদাতা অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিত্তীয় উপদ্দেষ্টা পৰমানন্দ কামানে। লগতে সভাত পৌৰোহিত্য কৰিব অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈয়ে। উক্ত সভাত সংগীত শিল্পী জীনা ৰাজকুমাৰী আৰু সাহিত্যিক-সাংবাদিক ৰংফাৰক "লোকবন্ধু লম্বোধৰ কামান সোঁৱৰণি মাটি-মানুহ-সমন্বয়" বঁটা প্ৰদান কৰা হ'ব।
আৰু পঢ়ক : কাজলগাঁৱত এবছু আৰু বড়ো সাহিত্য সভাৰ উদ্যোগত সজাগতামূলক সভা…