মৃদুল কুমাৰ সন্দিকৈ
আমাৰ অধিকাৰ ক'ত? ঔপনিৱেশকতাবাদৰ বিৰুদ্ধে সঁচা অৰ্থত খিলঞ্জীয়া লোকসকলৰ এই শ্ৰেণীবদ্ধ সংগ্ৰামৰ কিবা ফলাফল ওলাবনে। বছৰৰ এটা দিন খিলঞ্জীয়া দিৱস উদযাপনৰ নামত কেৱল আনুষ্ঠানিকতাৰে খিলঞ্জীয়া লোকসকলক এনে নিচুকনি দিয়াতেই দায়িত্ব শেষ হ'ব।
অসমতো এই দিৱস উদযাপন কৰা হয়। সেয়া কেৱল আনুষ্ঠানিকতা। বিশ্বৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ যেনেদৰে সুৰক্ষিত হোৱা নাই, অসমৰ খিলঞ্জীয়া লোকসকলক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ নামত কেন্দ্ৰই দিয়া প্ৰতিশ্ৰুতি এটা যেন ললিপপ হে আছিল। 'কা' আন্দোলনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি 'প্ৰতিশ্ৰুতি' হৈয়ে ৰৈ গ'ল।
সাংবিধানিক ৰক্ষা কৱচৰ নামত এখন উচ্চ পৰ্যায়ৰ কমিটি চৰকাৰে গঠন কৰি দিলে যদিও সেই কমিটিৰ পৰামৰ্শ ফাইলৰ ভিতৰতে আৱদ্ধ হৈ থাকিল। যিসকলে মুকলি প্ৰতিশ্ৰুতি আৰু আশ্বাস দিছিল, তেওঁলোকে দাৰি-কমাসহ ৰূপায়ণ হ'ব বুলি কোৱা কথাবোৰ সাধুকথা হৈ পৰিল।
আন্তৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱসৰ এক ইতিহাস আছে। ১৯৮২ চনত খিলঞ্জীয়া জনসংখ্যাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে এই দিৱস উদযাপন কৰাৰ প্ৰস্তাৱ ৰাষ্ট্ৰসংঘৰ মজিয়াত খিলঞ্জীয়া জনসংখ্যা কাৰ্যকৰী গোট আৰু মানৱ অধিকাৰৰ প্ৰচাৰ আৰু সংৰক্ষণ উপপৰিষদে আগবঢ়াইছিল। ১৯৯৪ চনৰ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সেই প্ৰস্তাৱ গৃহীত কৰে।
খিলঞ্জীয়া লোক মানেই ভূমিপুত্ৰ, নৃ-গোষ্ঠীয় লোক। কোনো এক অঞ্চলৰ প্ৰথম পৰিচিত বাসিন্দা। তেনে লোকসকল আজি সংকট আৰু প্ৰত্যাহ্বানৰ সন্মুখত। ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক সকলো দিশৰ পৰাই এই লোকসকলৰ জীৱন চৰ্যালৈ নামি অহা প্ৰত্যাহ্বান কি ধৰণৰ হ'ব পাৰে সেয়া আমাৰ চকুৰ সন্মুখত থকা ত্ৰিপুৰাৰ ত্ৰিপুৰীসকলে কয়।
অসমত কোনসকল লোক খিলঞ্জীয়া তাৰ এক সু-নিৰ্দিষ্ট বা গ্ৰহণযোগ্য ভিত্তি বৰ্ষ নাই। এন.আৰ.চি, অসম আন্দোলন, বিভিন্ন দল সংগঠনৰ বিপৰীত স্থিতি, অসমৰ জনগাঁঠনি সাল-সলনি, জন বিন্যাসৰ পৰিৱৰ্তন, ৰাজনৈতিক পৃষ্ঠপোষকতা ভিন্ন হোৱাৰ বাবেই কোনসকল প্ৰকৃততে খিলঞ্জীয়া তাক লৈয়ো বিতৰ্কৰ সৃষ্টি হৈ আহিছে। সেই বিতৰ্ক বোৰৰ মাজতেই উচ্চাৰিত হোৱা খিলঞ্জীয়া সুৰক্ষা প্ৰসংগটোৱে ব্যৱহাৰিক দিশত প্ৰয়োগ সম্ভৱ হৈ উঠা নাই। ৰাজ্যৰ ভূমিপুত্ৰ সকলৰ মাজত সংঘাত আৰু মত বিৰোধ আছে চৰকাৰে জাপি দিয়া তথাকথিত খিলঞ্জীয়াৰ ধাৰণাক লৈ। আহোমসকলে সাত ৰাজ মাৰি এক ৰাজ কৰিছিল। সৰু সৰু জাতি-জনগোষ্ঠীবোৰক একেলগ কৰি বৃহৎ অসমীয়া জাতিৰ সপোন দেখিছিল। অসমীয়া জাতি গঠনৰ সেই প্ৰক্ৰিয়া কোনোদিনেই সম্পূৰ্ণ নহ'ল। বৰঞ্চ এই জাতি গঠনৰ প্ৰক্ৰিয়াত আহি পৰা বিভিন্ন স্থবিৰতাৰ বাবে অসমীয়া কোন তাক লৈয়ো আন এক প্ৰশ্নৰ উস্থাপন হ'ল।
উদ্যোগ আৰু বাণিজ্যকৰণৰ ফলত যি পুঁজিবাদী অৰ্থনীতিৰ সৃষ্টি হৈছিল তাৰ প্ৰসাৰতাই ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক প্ৰভূত্ববাদৰ সূচনা কৰিছিল। সেই সমাজ সাম্ৰাজ্যবাদী ঔপনিৱেশ ব্যৱস্থাই একো একোটা অঞ্চলৰ জাতিৰ সত্বাক লুপ্ত কৰি তেওঁলোকৰ পূৰ্বৰ অধিকাৰসমূহ কাঢ়ি নিয়াৰ পৰিৱেশ সৃষ্টি হ'ল। নৈব্য ঔপনিৱেশবাদৰ এনে চাৰিত্ৰিক অধিগ্ৰহণৰ ফলতেই বিশ্বজুৰি বিভিন্ন জনসমষ্টিয়ে শোষণ আৰু নিস্পেষণ তথা বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলগা পৰিৱেশ সৃষ্টি হৈছিল।
খিলঞ্জীয়া সূত্ৰৰ ক্ষেত্ৰত ষ্টেভেন হেগৰ আৰু এৰিকা আইৰেনি ডায়েচৰ মতামতক আধাৰ হিচাপে গ্ৰহণ কৰিলেও ভাৰতৰ দৰে দেশে খিলঞ্জীয়াৰ সলনি জাতিয়াবাদীৰ চিন্তাক প্ৰতিনিধিত্ব কৰি আহিছে। ভাৰতীয় জাতিয়তাবাদৰ সৈতে বিভিন্ন জাতিয়তাবাদৰো সংজ্ঞা আছে। ভাৰতীয় জাতিয়তাবাদে খিলঞ্জীয়াক নস্যাৎ কৰাৰ প্ৰৱণতাৰ বিপৰীতে দাক্ষিণাত্য, উত্তৰ-পূব আদি খিলঞ্জীয়াৰ আধাৰত গঢ়ি উঠা জাতিয়তাবাদে ইয়াক প্ৰাসংগিক কৰি তোলে। বিশ্বৰ আন দেশৰ ক্ষেত্ৰটো খিলঞ্জীয়াক লৈ ভিন্ন মত আছে। খিলঞ্জীয়া লোকসকলৰ সাৰ্বভৌমত্ব, অৰ্থনৈতিক সুস্থতা, সংস্কৃতিৰ নিৰ্ভৰশীল সম্পদসমূহৰ প্ৰতি সদায় ভাবুকি আহি আছে। ২০০৭ চনত ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয়তাবাদী পৰিচালনাৰ বাবে খিলঞ্জীয়া লোকৰ ঘোষণাপত্ৰ জাৰি কৰিছিল। এই ঘোষণা পত্ৰত খিলঞ্জীয়া লোকসকলৰ সাংস্কৃতিক পৰিচয়, ভাষা, কৰ্মসংস্থাপন, স্বাস্থ্য আৰু শিক্ষা প্ৰাকৃতিক সম্পদৰ অধিকাৰ আদিৰ কথা কোৱা হৈছে। খিলঞ্জীয়াসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সমগ্ৰ বিশ্বজুৰি সেয়েহে প্ৰতিবছৰে ৯ আগষ্টত পালন কৰা হয় বিশ্ব খিলঞ্জীয়া দিৱস।
খিলঞ্জীয়া হ'বলৈ হ'লে কেইটামান চৰ্ত থাকিব লাগিব। সেইকেইটা হ'ল –
১। প্ৰাক অগ্ৰাসনীয় আৰু প্ৰাক ঔপনিৱেশিক ঐতিহ্য।
২। অগ্ৰাসনকাৰী বা ঔপনিৱেশিক সমাজৰ পৰা স্পষ্টকৈ চিনিব পৰা সমাজ।
৩। নিৰ্দিষ্ট ভূ-খণ্ডৰ সৈতে ঐতিহাসিক সম্পৰ্ক।
৪। ভূমি আৰু নৃগোষ্ঠীয় পৰিচয়, পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণৰ আগ্ৰহ।
৫। নিজস্ব স্পষ্ট, সুকীয়া, সাংস্কৃতিক, সামাজিক প্ৰতিষ্ঠানৰ ব্যৱস্থা।
সেই দৃষ্টিৰে অসমত খিলঞ্জীয়া কোন তাক বিচাৰ বিশ্লেষণ কৰিব পাৰি। প্ৰব্ৰজন প্ৰক্ৰিয়াৰে অসমৰ যি জনগাঁঠনিৰ সৃষ্টি হৈছে- তাত জাতি বা জাতিসত্তা, বিকাশ আৰু পটভূমিক লৈ অনেক সমস্যা আছে। উত্তৰ-পূৰ্বাঞ্চলৰ যি জনগোষ্ঠীয়ে বৃটিছ ঔপনিৱেশতাবাদ আৰু যুদ্ধ জয়ৰ বাবে নিজস্ব সাৰ্বভৌমত্ব চৰিত্ৰ হেৰুৱাইছে আৰু ভাৰতীয় শাসকৰ দ্বাৰা পৰৱৰ্তী সময়ত শাসিত হৈছে সেইসকলেই অসমৰ মূলত খিলঞ্জীয়া।
১৮২৬ চনত হোৱা ইয়াণ্ডাৱু সন্ধিৰ যোগেদি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ঔপনিৱেশতাবাদ ৰচনা হৈছিল। বৃটিছ খাছি যুদ্ধ, বৃটিছ জয়ন্তীয়া যুদ্ধ, উজনি অসম জয়, মটক শদিয়া অধিগ্ৰহণ, কছাৰী সমভূমি দখল, খামটি দমন, লুচাই অভিযানৰ দৰে যুদ্ধৰ জয়ৰ এই ঔপনিৱেশতাবাদ স্থাপন কৰিছিল। শক্তিশালী সাংস্কৃতিক বা ভাষা সন্দৰ্ভতো জৰীপ চলাই অসমৰ জনগোষ্ঠীয় লোকসকলৰ খিলঞ্জীয়া নিৰূপণৰ বাবে যি প্ৰচেষ্টা আৰম্ভ হৈছিল এই প্ৰচেষ্টা এচামে সফল হ'ব নিদিয়াৰ বাবেই খিলঞ্জীয়া কোন সেইয়া এতিয়াও নিৰ্দিষ্ট হোৱা নাই।
খিলঞ্জীয়া সকলৰ স্বাৰ্থ কেতিয়াবা সুৰক্ষিত হ'ব নে। নিস্বাৰ্থভাৱে তেওঁলোকৰ কথা কোনোবাই ভাবিব নে। নে এইদৰে ৰাজ্যৰ খিলঞ্জীয়া লোকসকলৰ আৱেগ-অনুভৱক লৈ সস্তীয়া ৰাজনীতিৰ খেল চলি থাকিব। নিৰ্বাচন আহিলে খিলঞ্জীয়াৰ প্ৰসংগ পুনৰ আহে। তেওঁলোকৰ ৰাজনৈতিক, সাংস্কৃতিক, সামাজিক নিৰাপত্তা বিষয়বোৰ এতিয়া এনে দিৱসত আলোচ্য বিষয় হোৱাৰ বাদে আন কোনো ব্যৱহাৰিক সমাধান সূত্ৰ কেতিয়াবা ওলাব নে। সেইটোহে এতিয়া খিলঞ্জীয়া দিৱসৰ দিনা এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে।
আৰু পঢ়ক : নৰ্থ বেংক মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক মুৰব্বী অধ্যাপক বিৰাচন কমানৰ বিয়োগ…