বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আন্তর্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদ্‌যাপন

বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আন্তর্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদ্‌যাপন
Published on
Updated on

ডিজিটেল সংবাদ,বিশ্বনাথ : বিশ্বনাথ জিলা প্রশাসন আৰু বিশ্বনাথ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত বিশ্বনাথত দেওবাৰে আন্তর্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদ্‌যাপন কৰা হয়। বিশ্বনাথৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত দিনৰ ১১.৩০ বজাৰ পৰা এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়।

এই বিশেষ অনুষ্ঠানটিত উপস্থিত থকা জিলাখনৰ জ্যেষ্ঠ নাগৰিক সকলক আদৰণি জনাই নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰে বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে । বিশ্বনাথৰ জিলা সমাজ কল্যাণ বিষয়া মইনুল হক চৌধুৰীয়ে সভাৰ উদেশ্য বাখ্যা কৰে।

অনুষ্ঠানটিত জিলা আয়ুক্ত ডাঃ নেহা যাদৱে কয় - "জ্যেষ্ঠ নাগৰিকসকল সমাজৰ সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ । সমাজৰ বিভিন্ন ক্ষেত্ৰত সৰ্বজন শ্ৰদ্ধেয় সদাশয় জ্যেষ্ঠ নাগৰিকে আগবঢ়োৱা অৱদান নৱপ্ৰজন্মৰ বাবে আদৰ্শৰ পাথেয় হৈ আহিছে আৰু ভৱিষ্যতেও থাকিব ।

মানুহৰ বয়স বাঢ়ি অহাৰ লগে লগে অভিজ্ঞতাও বৃদ্ধি পায়। আপোনালোক নিজ নিজ কৰ্মক্ষেত্ৰত একো একোজন অভিজ্ঞ ব্যক্তি আৰু সকলোৰে শ্ৰদ্ধাৰ ব্যক্তি।" সমাজৰ নৱ প্ৰজন্ম আৰু ছাত্ৰ ছাত্ৰী সকলক জ্যেষ্ঠ নাগৰিক সকলৰ জীৱনৰ অভিজ্ঞতাৰ শিক্ষা প্ৰদান কৰি উপকৃত কৰিবৰ বাবেও আহ্বান জনায়।

বিশ্বনাথ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি পৰমানন্দ মুদৈ, কাৰ্যকৰী সভাপতি যজ্ঞেশ্বৰ বৰা, সম্পাদক থানুৰাম শৰ্মা, সহকাৰী সম্পাদক যজ্ঞেশ্বৰ বৰুৱা, কোষাধ্যক্ষ কমল ভূঞাৰ উপৰি জিলাখনৰ ৮খনকৈ শাখা সমিতি উপস্থিত থাকে।

সমিতি কেইখন ক্ৰমে পূৱ ছয়দুৱাৰ, পশ্চিম ছয়দুৱাৰ, বিহালী, বাঘমাৰী, বিশ্বনাথ, পাভৈ, চতিয়া আৰু নাগশংকৰৰ বিষয়ববীয়া প্ৰতিনিধিসকল উপস্থিত থাকে। আজিৰ অনুষ্ঠানটিত জিলা সভাপতি পৰমানন্দ মুদৈ, সম্পাদক থানুৰাম শৰ্মা, জ্যেষ্ঠ নাগৰিক ত্ৰিনয়ন বৰা, যজ্ঞেশ্বৰ বৰুৱা, প্ৰদীপ দত্ত, হোমেশ্বৰ শইকীয়া, কমল ভূঞা আদিয়ে জ্যেষ্ঠ নাগৰিক দিৱসটিৰ তাৎপৰ্য, তেওঁলোকৰ সমস্যা, চৰকাৰআৰু প্ৰশাসনৰ কৰণীয়, জ্যেষ্ঠ নাগৰিক সকলৰ স্বাস্থ্য আৰু অন্যান্য সমস্যাৰ ওপৰত আলোচনা আগবঢ়ায়।

জিলা প্ৰশাসনৰ এই দিৱসটি উদযাপনৰ উদ্যোগক শলাগ লয় । সভাত জিলাখনৰ জ্যেষ্ঠ নাগৰিক সকলৰ সমস্যা সমুহ সমাধানৰ বাবে জিলা আয়ুক্তই আশ্বাস প্ৰদানো কৰে। জনসংযোগ বিভাগৰ হৈ ৰণজিৎ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত প্ৰতি গৰাকী জ্যেষ্ঠ নাগৰিকক জিলা প্ৰশাসনৰ তৰফৰ পৰা একোখনকৈ গামোচাৰে সম্ভাষণ জনোৱা হয়।

উক্ত অনুষ্ঠানত বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য,ধ্ৰুৱজ্যোতি দাস,সৃষ্টি কলিতা আৰু পুষ্পাংকৰ পাতিৰ,প্ৰবীণ কুমাৰ সন্দিকৈ প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। অনুষ্ঠানটিত জ্যেষ্ঠ নাগৰিকসকলৰ সাম্প্ৰতিক সমস্যা সমুহক প্ৰতিফলিত কৰিব পৰাকৈ 'ককা আইতাৰ বিলৈ' শীৰ্ষক এখন ছুটি বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

'বেটি বচাওঁ ভেটি পঢ়াও' আঁচনিৰ অধীনত জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত প্ৰদৰ্শিত হোৱা উপভোগ্য এই বাটৰ নাটখনিত শিল্পীসকল ক্ৰমে নীলিমা বৰুৱা, মীৰা বৰা হাজৰিকা, অনিন্দিতা দাস, মৰমজ্যোতি হাজৰিকা, জোনামনি হাজৰিকা, ৰুনুমি দাস, জান্টিমনি দাস আৰু দিপ্তী বৰুৱাই মন পৰষা অভিনয় কৰি উপস্থিত সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আন্তর্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদ্‌যাপন
কাজিৰঙাৰ বিভিন্ন স্থানত চাফাই কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in