ধিঙৰ কিশোৰী যৌন নিৰ্যাতনকাৰীৰ পুখুৰীত পৰি মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা...

হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক তদন্তৰ দায়িত্ব
ধিঙৰ কিশোৰী যৌন নিৰ্যাতনকাৰীৰ পুখুৰীত পৰি মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা...
ধিঙৰ কিশোৰী যৌন নিৰ্যাতনকাৰীৰ পুখুৰীত পৰি মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা...
Published on
Updated on

ডিজিটেল ডেস্কঃ ধিঙত সংঘটিত হোৱা কিশোৰীৰ সৈতে দলবদ্ধ যৌন নিৰ্যাতনৰ ঘটনাৰ মূল অভিযুক্ত তাফাজ্জুল ইছলামৰ মৃত্যুৰ তদন্ত ঘোষণা কৰা হৈছে। ২২ আগষ্টৰ সন্ধিয়া ধিঙত এগৰাকী সন্ধিয়া এগৰাকী ছাত্ৰীক ৩ জন যুৱকে যৌন নির্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰে মূল অভিযুক্ত তফাজ্জুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যদিও বাকী দুই অভিযুক্ত এতিয়াও পলাতক হৈ আছে।

গ্ৰেপ্তাৰ হোৱা তফাজ্জুলক আৰক্ষীয়ে ২৩ আগষ্টত কৰায়ত্ত কৰি ২৪ আগষ্টৰ পুৱতি নিশা ক্ৰাইম চিন ৰিক্ৰিয়েচনৰ বাবে ঘটনাস্থলীলৈ লৈ গৈছিল। তাৰ মাজতেই সুযোগ বুজি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ বিচাৰি তফাজ্জুলে হেণ্ডকাফসহ এটা পুখুৰীত জাপ দিয়ে। ফলত এই পুখুৰীত তফাজ্জুলৰ মৃত্যু হয় বুলি আৰক্ষীয়ে জনাইছিল।

এই ঘটনাক অৱশ্যে মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল। সন্দেহৰ আঙুলি উত্থাপন হৈছিল ধিং আৰক্ষীৰ বিৰুদ্ধে। এনে পৰিস্থিতিতে এতিয়া এই ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে।

মন কৰিবলগীয়া যে, অসম আৰক্ষীৰ জিম্মাৰ পৰা ইয়াৰ পূৰ্বেও বহু কেইজন অপৰাধত অভিযুক্তই পলাবলৈ চেষ্টা কৰি মৃত্যু হোৱাৰ উদাহৰণ আছে। উচ্চতম ন্যায়ালয়ৰো মজিয়া পাইছেগৈ অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ প্ৰসংগ। এনে পৰিস্থিতিত ধিঙৰ এই ঘটনাক লৈ ঘোষণা কৰা তদন্তই স্বাভাৱিকতে গুৰুত্ব লাভ কৰিছে।

উল্লেখ্য যে,ধিঙৰ ছাত্ৰীক যৌন নিৰ্যাতনেৰে জড়িত আন দুই অভিযুক্ত গোলাপ উদ্দিন আৰু ফৰিদুল ইছলাম এতিয়াও পলাতক অৱস্থাত আছে। আৰক্ষীয়ে এই দুই অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কৰায়ত্ত কৰিব পৰা নাই।

ধিঙৰ কিশোৰী যৌন নিৰ্যাতনকাৰীৰ পুখুৰীত পৰি মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা...
এণ্ড্ৰিউ উইলৰ চাহ বাগিচা বিক্ৰীৰ সিদ্ধান্তক সমৰ্থন তেৰছ গোৱালাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in