অসম আৰক্ষীৰ CID ৰ শীৰ্ষ বিষয়াক বদলি

অসম আৰক্ষীৰ চিআইডিৰ শীৰ্ষ বিষয়াক স্থানান্তৰ। চিআইডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান এ.ৱাই.ভি কৃষ্ণক বদলি কৰা হয়।

author-image
Asomiya Pratidin
New Update
অসম আৰক্ষীৰ CID ৰ শীৰ্ষ  বিষয়াক বদলি

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ চিআইডিৰ শীৰ্ষ বিষয়াক স্থানান্তৰ। চিআইডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান এ.ৱাই.ভি কৃষ্ণক বদলি কৰা হয়। কেন্দ্ৰীয় গৃহ বিভাগৰ নিৰ্দেশনাত ডেপুটেচনত প্ৰেৰণ কৰা হয় আই পি এছ গৰাকীক।

কেন্দ্ৰীয় পুলিচ ৰিজাৰ্ভ ব'ললৈ বদলি আইপিএছ বিষয়াগৰাকীক। CRPF ৰ IG ৰূপে নিযুক্তি দিয়া হৈছে এ.ৱাই.ভি কৃষ্ণক। আই পি এছগৰাকী অসম মেঘালয় কেডাৰৰ ১৯৯৫ বেটছৰ এগৰাকী জেষ্ঠ্য বিষয়া।

অসম -মেঘালয় কেডাৰৰ পৰা সাময়িক ৰূপে ৫ বছৰৰ ডেপুটেচনত প্ৰেৰণ কৰা হৈছে বিষয়াগৰাকীক। নিযুক্ত কালত ৰাজ্যৰ বহু কেইটা গুৰুত্বপূৰ্ণ গোচৰত অসম চিআইডিক নেতৃত্বত দি আহিছিল আই পি এছগৰাকীয়ে।

পিএফআই ,মৌলবাদী , এছ আই জোনমণিৰ ৰহস্যজনক মৃত্যুকাণ্ডৰ তদন্তত নেতৃত্ব দিছিল চিআইডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান গৰাকীয়ে। কেন্দ্ৰৰ নিৰ্দেশ অনুসৰি ইতিমধ্যেই ৰাজ্যৰ গৃহ বিভাগে জাৰি কৰিছে এই বদলিৰ জাননী। ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক সচিব আই এ এছ দেৱপ্ৰসাদ মিশ্ৰই জাৰি কৰিলে নিৰ্দেশনা।

Also Read: দিল্লীত ধৰ্ষণৰ বলি অসমৰ যুৱতী, কামৰ প্ৰলোভনেৰে কৰা হৈছিল সৰবৰাহ

Assam police