ডিজিটেল সংবাদ,ঢকুৱাখনা : চৰকাৰী আঁচনি মাত্ৰেই এচাম দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ খীৰতী গাই। চৰকাৰী উন্নয়নমূলক আঁচনিৰ বিপৰীতে ক্ৰুটিপূৰ্ণ কাম কৰি ৰাজনৈতিক প্ৰভাৱ খটুৱাই আৱণ্টিত চৰকাৰী পুঁজি উদৰস্থ কৰাৰ এক নিৰ্লজ পৰম্পৰা বিগত সময়ত ঢকুৱাখনাত ব্যাপক ৰূপত গা কৰি উঠিছে।
শেহতীয়াকৈ মহকুমাটোৰ মৌখোৱাৰ পৰা লেচেৰা,উজনি লেচেৰা ,বেলখুটি, ভেটতলী আদি গাঁও সংযোগী এটা প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষ লোকনিৰ্মান বিভাগৰ পথ নিৰ্মাণৰ বেলিকা সংঘটিত হৈ আহিছে ভয়ংকৰ অনিয়ম দুৰ্নীতি। তথ্য মতে বিগত ১৯৯৮ চনৰ শিহৰণকাৰী বানৰ পাছৰ পৰাই ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছিল মৌখোৱা লেচেৰা সংযোগী এই গ্ৰাম্য পথটো।
পথটোৰ যোগাযোগ বিচ্ছিন্ন অৱস্থাৰ পৰা পুনৰোদ্ধাৰ কৰাৰ হেতু লোকনিৰ্মান বিভাগৰ ঢকুৱাখনা ক্ষেত্ৰীয় কাৰ্যালয়ে প্ৰায় ৩ কোটিৰো অধিক টকাৰ এক প্ৰাককলন প্ৰস্তুত কৰিছিল। বৃহত্তৰ পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ লগতে মৰনৈ পঞ্চায়তবাসীয়ে আশা ৰাখিছিল গুণগত কামৰ অন্তত ৰাইজৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ব।
বাস্তৱত সেই আশাত চেঁচা পানী পেলাবলৈ আৰম্ভ কৰিছে এজন দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে ।স্থানীয় একাংশ ৰাইজৰ অভিযোগ অনুসৰি, ঢকুৱাখনাৰ জনৈক খান উপাধিৰ বিধায়ক নৱ দলেৰ অতি ঘনিষ্ঠ ঠিকাদাৰে উক্ত কামৰ ঠিকা লাভ কৰি আৰম্ভণিৰ পৰাই সীমাহীন ক্ৰুটিপূৰ্ণ কামেৰে বিশাল চৰকাৰী পুঁজি উদৰস্থ কৰাৰ নিৰ্লজ পাং পাতিছে ।
ইতিমধ্যে পথটোৰ নিৰ্মাণ কামৰ আৰম্ভ কৰা বিতৰ্কিত ঠিকাদাৰজনে পথছোৱাত মাটি পেলোৱাৰ নামত ভয়াবহ অনিয়মৰ সূত্ৰপাত ঘটাইছে । অসংখ্য গছ, বন-হাবিৰে ভৰি থকা পথটোৰ গছৰ মূৰা,ডাঙৰ ডাঙৰ শিপাসমূহ উভালি আঁতৰাই নোলোৱাকৈ,পথত থকা বন বিৰিষ ,অপতৃণসমূহ চিকুনাই নোলোৱাকৈ তাৰ ওপৰতে মাটি পেলায়।
এই সন্দৰ্ভত গঞা ৰাইজে ঠিকাদাৰক অভিযোগ দিলেও তালৈ ভ্ৰূক্ষেপ নকৰি খেয়াল- খুচি অনুসৰি ক্ৰুটিপূৰ্ণ পদ্ধতিৰে কাম চলাই যোৱাত পথটোৰ স্থায়ীত্ব হ্ৰাস পোৱাৰ আশংকা কৰা হৈছে । বিধায়কৰ ঘনিষ্ঠ হোৱাৰ অচিলাৰে এটা ৩ কোটিৰো অধিক টকীয়া পথৰ প্ৰাককলন বৰ্হিভূত নিৰ্মাণৰ পাছতো অন্ধ মুনিৰ ভূমিকা পালি গৈছে ঢকুৱাখনা লোকনিৰ্মান বিভাগে ।
জানিব পৰা মতে, উক্ত আঁচনিৰ বিপৰীতে লোকনিৰ্মান বিভাগে মিন্টু দেউৰী নামৰ এজন শাখা বিষয়াক তদাৰকীৰ বাবে নিযুক্তি দিছে। ৰাইজৰ অভিযোগ এইজন অকৰ্মণ্য শাখা বিষয়াই কৰ্মথলীলৈ নাহি ঠিকাদাৰৰ ইচ্ছাকে গোপন বুজাবুজিৰ ভিত্তিত আইন কৰিবলৈ এৰি দিছে।
পৰিণতিত প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘৰ এই অতি গুৰুত্বপূৰ্ণ বিবেচিত পথটোৰ নিৰ্মাণৰ পাছতে বাৰিষা পানীৰ হেঁচাত খণ্ড-বিখণ্ড হৈ চৰকাৰী পুঁজি অপচয় হোৱাটো প্ৰায় নিশ্চিত । প্ৰায় ১১ টা কাৰ্লভাৰ্ট নিৰ্মাণৰো ব্যৱস্থা থকা বৃহত্তৰ অঞ্চলবাসীৰ একমাত্ৰ লোকনিৰ্মান বিভাগৰ পথটোৰ গুণগত নিৰ্মাণ নকৰি আৱণ্টিত পুঁজিলৈ লোলুপ দৃষ্টি দিয়া ঠিকাদাৰ- বিষয়াৰ এনে অশুভ পদক্ষেপ আৰু মিলা প্ৰীতিৰ বিষয়ে জ্ঞাত হোৱাৰ পাছতো মুক বধিৰৰ ভূমিকা পালিছে কাৰ্যবাহী অভিযন্তা কনক বড়োৱেও ।
বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰ হোৱাৰ বাবেই অনিয়মকে নিয়ম কৰিবলৈ নিৰ্বিবাদে এৰি দিয়া কাৰ্যবাহী অভিযন্তা ,শাখা বিষয়াৰ এনে দুৰ্বল ভূমিকাত অতিষ্ঠ উন্নয়নকামী ৰাইজ। ৰাইজৰ দাবী বিভাগীয় শীর্ষ কাৰিকৰী বিষয়াই পথটো চৰজমিন তদন্ত কৰক আৰু ক্ৰুটিপূৰ্ণ কাম আঁতৰাই শক্তিশালী ৰূপত আচঁনিখন ৰূপায়ণ কৰক ।
অন্যথা ক্ষুব্ধ ৰাইজে মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপ বিচাৰি অচিৰেই ৰাজহুৱা অভিযোগ প্ৰেৰণ কৰিব।