চৰাইদেউ মৈদাম ক্ষেত্ৰক একাষৰীয়া কৰি চাৰিসীমা নিৰ্ধাৰণ কৰাটো যুক্তিসংগত নহয় : চৰাইদেউ প্ৰেছ ক্লাব

চৰাইদেউ মৈদাম ক্ষেত্ৰক একাষৰীয়া কৰি চাৰিসীমা নিৰ্ধাৰণ কৰাটো যুক্তিসংগত নহয় : চৰাইদেউ প্ৰেছ ক্লাব
Published on
Updated on

ডিজিটেল সংবাদ,চৰাইদেউ : চৰাইদেউ জিলা গঠন হোৱা দহটা বছৰত ভৰি দিয়াৰ পাছতো জিলাবাসীৰ বাবে চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণক লৈ উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতি জিলাবাসীৰ বাবে এক সন্মানজনক প্ৰশ্ন হৈ থিয় দিছে বুলি প্ৰেছ বিবৃতিত চৰাইদেউ প্ৰেছ ক্লাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ক্লাবৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা আৰু সম্পাদক প্ৰণৱ বৰগোহাঁইয়ে বিবৃতিটোত কেতবোৰ কথা উল্লেখ কৰে।

বিবৃতিত কয় যে, ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিৰ পূৰ্ণ সম্ভাৱনাৰ প্ৰাক ক্ষণত জিলাখনৰ বিভিন্ন জনৰ লগতে দল-সংগঠনে মাত মাতি অহা লগতে “জিলা বন্ধ’’ৰ দৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল’বলগীয়া হৈছে ।

লগতে উল্লেখ কৰে যে "ইয়াৰ পাছতো বিষয়টো সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰা পৰাৰক্ষিত নহ’ল । কিন্তু এনে প্ৰেক্ষাপটত, চৰাইদেউ প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমাৰ স্থিতি স্পষ্ট কৰি পুনৰ উল্লেখ কৰে যে, ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক একাষৰীয়া কৰি চৰাইদেউ জিলাৰ চাৰিসীমা নিৰ্ধাৰণ কৰাটো কোনো কাৰণতে যুক্তিসংগত নহয় ।

আনকি চৰাইদেউ মৈদাম ক্ষেত্ৰক বাদ দি চৰাইদেউ জিলা নামকৰণ কৰাটো সম্পূৰ্ণ ভিত্তিহীন আৰু অপ্ৰাসংগিক বুলি চৰাইদেউ প্ৰেছ ক্লাবে দৃঢ়তাৰে বিশ্বাস কৰে । সেয়ে চৰাইদেউ মৈদাম ক্ষেত্ৰক সামৰি চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ চৰাইদেউ প্ৰেছ ক্লাৱে দাবী জনাইছো ।"

আনকি চৰকাৰে বিষয়টো সদিচ্ছাৰে লৈ নাজিৰা সমষ্টি তথা নাজিৰা মহকুমাৰ অন্তৰ্গত বৃহত্তৰ মৈদাম এলেকাৰ ৰাজহ গাঁৱকেইখন চৰাইদেউ জিলাৰ প্ৰশাসনিক আওৰাইলৈ আনি সমগ্ৰ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাৰ অন্তৰ্ভুক্ত কৰাৰ বাবেও যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰো পোষকতা কৰে চৰাইদেউ প্ৰেছ ক্লাবে ৷

চৰাইদেউ মৈদাম ক্ষেত্ৰক একাষৰীয়া কৰি চাৰিসীমা নিৰ্ধাৰণ কৰাটো যুক্তিসংগত নহয় : চৰাইদেউ প্ৰেছ ক্লাব
বটদ্ৰৱা হৰিহৰ মন্দিৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ ভঁড়াল ঘৰত চুৰিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in