ডিজিটেল সংবাদ ,ঢকুৱাখনা: শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষাধিকৰ্তাৰ (NCTE) এক অন্যন্য বিদ্যায়তনিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে সম্ভ্ৰমী উচ্চশিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালযে । উত্তৰ অসমৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত)ক ITEP (Integrated Teacher Education Programme) ৰ বাবে যোগ্য শিক্ষানুষ্ঠান হিচাবে বুধবাৰে বিৰল স্বীকৃতি প্ৰদান কৰা হৈছে।
যোৱা ১৫ আৰু ১৬ অক্টোবৰত অনুষ্ঠিত ERC ৰ উচ্চস্তৰীয় বৈঠকৰ চূড়ান্ত সিদ্ধান্ত অনুসৰি ITEP এ নিৰ্ধাৰণ কৰি দিয়া সকলো প্ৰয়োজনীয় অনুমাপক পৰীক্ষণ কৰি ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত)ক উক্ত পাঠ্যক্ৰমৰ বাবে যোগ্য নিৰ্বাচিত কৰি বুধবাৰে ঘোষণা কৰাত উল্লাসৰ বন্যা প্ৰবাহিত হৈছে ঢকুৱাখনাৰ লগতে মহাবিদ্যালয় পৰিয়ালৰ মাজত ।
মহাবিদ্যালয়খনক নব্য উত্তৰণমুখী চিন্তা চেতনাৰে নিৰ্মাণত দিবা নৈশ একাকাৰ কৰি অহা অধ্যক্ষ ডঃ যোগানন্দ সূতৰ নেতৃত্বত প্ৰতিগৰাকী শিক্ষাগুৰু , কৰ্মচাৰী , শিক্ষাৰ্থীৰ অকুণ্ঠ সহযোগিতাৰ উৎকৃষ্ট ফচল স্বৰূপ এই অন্যন্য ঈর্ষণীয় ইস্পিত সফলতাই ঢকুৱাখনাৰ সম্ভ্রমী শৈক্ষিক ক্ষেত্ৰখনক পুনৰবাৰ ৰাজ্যিক প্ৰেক্ষাপটত শিৰোন্নত কৰি তুলিলে । মহাবিদ্যালয়খনৰ বিদ্যায়তনিক নব্য সংযোজনৰ এই স্বীকৃতিৰ খবৰে প্ৰতিগৰাকী শিক্ষক, শিক্ষাৰ্থী , কৰ্মচাৰী আৰু শিক্ষাসদীক উৎসাহিত আৰু অনুপ্ৰাণিত কৰি তুলিছে ।
স্মৰণযোগ্য যে ৰাজ্যখনৰ প্ৰায় ৪০ খন আবেদনকাৰী মহাবিদ্যালয়ৰ ভিতৰত প্ৰাৰম্ভিক স্তৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ দুখন মহাবিদ্যালয় ক্ৰমে ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্ব শাসিত) আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ দুখন মহাবিদ্যালয় ক্ৰমে ৰঙাপৰা মহাবিদ্যালয় আৰু আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় সহ ৰাজ্যখনৰ মুঠ চাৰিখন স্নাতক মহাবিদ্যালয়কহে ITEP (Integrated Teacher Education Programme) ৰ বাবে যোগ্য মহাবিদ্যালয় হিচাবে স্বীকৃতি প্ৰদান কৰিছে ।
মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতে মহাবিদ্যালয় পৰিয়াল আৰু প্ৰতিগৰাকী শিক্ষাব্ৰতী ,শুভাকাংক্ষীৰ অৱদানৰ শলাগ লৈ অনাগত শৈক্ষিক যাত্ৰাৰ সহযোগিতা কৃতজ্ঞচিত্তে কামনা কৰিছে ।