ডিজিটেল ডেস্ক : অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলক সাক্ষাৎ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা(ইটছা)ৰ। সোমবাৰে দুপৰীয়া দিশপুৰ জনতা ভৱনত উপস্থিত হৈ সভাৰ প্ৰতিনিধিসকলে বিভিন্ন দাবীৰে বিষয়াগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে এক আলোচনাত মিলিত হয়।
আলোচনাৰ সময়ত 'ইটছা'ৰ তৰফৰ পৰা ষষ্ঠ অনুসূচিৰ বি টি এ ডিৰ ১৫ টা সমষ্টিৰ ১০ টা সমষ্টি জনজাতিসকলৰ বাবে সংৰক্ষিত কৰা, ২০০৭ চনৰ সমষ্টি পুননিৰ্ধাৰণ খচৰাত উল্লেখ কৰা ধৰণে বি টি এ ডি অন্তৰ্গত বাক্সা আৰু ওদালগুৰি জিলাৰ ৭ টা বিধান সভা সামৰি ওদালগুৰি নামাকৰণেৰে বি টি এ ডিৰ অধীনত এটা সুকীয়া লোকসভা সমষ্টি গঠন কৰা, তিৱা স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত মৰিগাঁও বিধান সভা সমষ্টি জনজাতি সংৰক্ষিত সমষ্টি কৰা, কামৰূপ মহানগৰ জিলা ডিমোৰিয়া সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰাৰ সলনি মুক্ত কৰি ৰখা, ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত ৰাণী জনজাতি খণ্ড আৰু আবেষ্টনী অঞ্চল কামৰূপ মহানগৰ জিলাৰ লগত সংলগ্ন কৰি জালুকবাৰী বিধানসভা সমষ্টিৰ লগত সংলগ্ন কৰাটো বাতিল কৰি ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত পলাশবাৰী বিধানসভা সমষ্টিত সংযুক্ত কৰা আদি কেইবাটাও দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰা হয়।
উল্লেখ্য আলোচনাৰ সময়ত উপস্থিত আছিল 'ইটছা'ৰ সভাপতি গোবিন্দ টাইদ, উপ-সভাপতি ড০ মহন্ত কুমাৰ লাংথাছা তথা সম্পাদক কমলাকান্ত মুছাহাৰী।
Also Read: বহিঃৰাজ্যত সন্ধানহীন নগাঁৱৰ যুৱক..