ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়া মিনি ষ্টেডিয়ামত আয়োজিত নৈশ ফুটবল প্ৰতিযোগীতাত অঘটন ৷ সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হবলগা ফুটবল খেল ৮.৩০ পৰ্যন্ত অনুষ্ঠিত নোহোৱাত একাংশ উদণ্ড দৰ্শক ৰাইজে সকলো ভাঙিচিঙি তহিলং কৰে ৷
কেইবালক্ষ্যধিক টকাৰ সামগ্ৰী ধংস ৷ উদণ্ড যুৱকৰ উগ্ৰমূৰ্তি দেখি পলায়ন কমিটিৰ ৷ ফুটবল প্ৰতিযোগীতাখনিৰ আজি আছিল দ্বিতীয়খন চেমী ফাইনেল ৷ নগাওঁৰ অম্লানজ্যোতি ফুটবল দল আৰু অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ মাজত আছিল এই প্ৰতিযোগীতা ৷
৮.৩০ বজালৈ অম্লানজ্যোতি ফুটবল দলটো আহি নোপোৱাত দৰ্শক ৰাইজ উত্তেজিত হৈ পৰাৰ পাচতেই ক্ৰীড়াংগন হৈ পৰে ৰণাংগণ ৷ টুপিয়া পাচগাও ক্ৰীড়া সন্থাই টুপিয়া ষ্টেডিয়ামত অনুষ্ঠিত কৰিছিল এই প্ৰাইজমানি নৈশ ফুটবল প্ৰতিযোগীতা ৷
এই প্ৰতিযোগীতাত দেশ বিদেশৰ কেইবাগৰাকী ফুটবল খেলুৱৈয়ো অংশগ্ৰহণ কৰিছিল ৷ ঘটনাস্থলীত আৰক্ষী এঘন্টালৈকে উপস্থিত নোহোৱাত পৰিবেশ অধিক বেয়া হোৱা বুলি একাংশ ৰাইজে মন্তব্য কৰে ৷