জামুগুৰিহাটৰ ভিন্ন স্থানত উন্নয়নমূলক কামৰ শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ

জামুগুৰিহাটৰ ভিন্ন স্থানত উন্নয়নমূলক কামৰ শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ ভিন্ন স্থানত উন্নয়নমূলক কামৰ শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ

জামুগুৰিহাটৰ ভিন্ন স্থানত উন্নয়নমূলক কামৰ শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটত কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ। দেওবাৰে বিধায়কগৰাকীয়ে জামুগুৰিহাটৰ দুই নং ইটাখোলা প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত দেওবাৰে হাজি জচুমুদ্দিন শ্বেখ সোঁৱৰণী তোৰণখন উন্মোচন কৰে। ইয়াৰ উপৰিও তেওঁ জামুগুৰিহাটৰ বালিজুৰিত এপাৰ্টৰ বজাৰ আধুনিকীকৰণ আৰু উন্নয়ণ কাৰ্যসূচী অধীনত নিৰ্মিত বালিজুৰি সাপ্তাহিক বজাৰখনৰো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বিধায়ক হাজৰিকাই।

বৃহত্তৰ ইটাখোলা অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ হকে সুদীৰ্ঘ দিন প্ৰচেষ্টা চলাই যোৱা এগৰাকী বিশিষ্ট সমাজসেৱক, সৰবৰাহী ব্যক্তি প্ৰয়াত হাজী জচুমুদ্দিন শ্বেখৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে তেখেতৰ সুযোগ্য পূত্ৰ জাকিৰ হুছেইনৰ বিশেষ তৎপৰতাত পৰিয়ালবৰ্গই আতকধুনীয়াকৈ নিৰ্মাণ কৰি দিয়া এখন সুন্দৰ তোৰণৰ লগতে বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা তৈয়াৰ কৰা প্ৰাচীৰ পত্ৰিকাৰো শুভ উন্মোচন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

এই উপলক্ষে বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। এই অনুষ্ঠানৰ আঁত ধৰে শিক্ষক মৃদুল নাথে৷ আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজেন্দ্ৰ কলিতাই । মুখ্য অতিথি তথা উন্মোচক পদ্ম হাজৰিকাই নিজৰ ভাষণত কয়- প্ৰয়াত বিশিষ্ট সমাজকৰ্মী হাজী জচুমুদ্দিন শ্বেখে সমাজৰ উত্তৰণৰ ক্ষেত্ৰত আগবঢ়াই যোৱা অনবদ্য অৱদানৰ বাবে অঞ্চলটোত তেখেতৰ কৰ্মৰাজি চিৰস্মৰণীয় হৈ থাকিব৷ সমাজখনৰ প্ৰতি তেখেতৰ অৱদানে নৱ প্ৰজন্মক উৎসাহ যোগাব বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে ।

ইফালে জামুগুৰিহাটৰ বালিজুৰিত এপাৰ্টৰ বজাৰ আধুনিকীকৰণ আৰু উন্নয়ণ কাৰ্যসূচী অধীনত নিৰ্মিত বালিজুৰি সাপ্তাহিক বজাৰখনো দেওবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই । বিধায়কগৰাকীয়ে কয় যে, আটকধুনীয়াকৈ সু-সৃংখলভাৱে নিৰ্মাণ কৰি দিয়া বালিজুৰি সাপ্তাহিক বজাৰখনে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বহুদিনীয়া অভাৱ পূৰণ কৰিলে।

ইয়াৰ পিছতে বিধায়কগৰাকীয়ে ইটাখোলাত এটি শৰীৰচৰ্চা কেন্দ্ৰৰ লগতে সামুহিক ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷ এই উপলক্ষে ৰবিবাৰে অঞ্চলটোৰ ৰাইজৰ লগতে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, বিশিষ্ট সমাজকৰ্মী ভক্ত গুৰুং, শিক্ষক সমাজকৰ্মী বিষ্ণু দাহাল আৰু উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী দিপা তাঁতী আদিকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত বিধায়কগৰাকীয়ে কয় যে- এই শৰীৰচৰ্চা কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোৰ যুৱ প্ৰজন্ম বিশেষভাবে উপকৃত হ'ব ৷ যিহেতু শৰীৰচৰ্চাৰ জৰিয়তে মানুহে সুস্থ মন, মগজুৰ অধিকাৰী হ'ব পাৰে ৷

নিয়মিয়াকৈ শৰীৰচৰ্চা অব্যাহত ৰাখিব পাৰিলে মানুহে সুস্বাস্থ্যৰ অধিকাৰী হৈ দীৰ্ঘ জীৱন লাভ কৰিব পাৰে ৷ লগতে সামtহিক ভৱনটি নিৰ্মানৰ কাম সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোৰ ৰাইজৰ সাহিত্য সংস্কৃতিমূলক বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশেষ ভাবে সহায়ক হ'ব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

Also Read: পুনৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে শ্বেখ হাছিনাঃ ৬০ শতাংশ ভোটাৰে বৰ্জন কৰিলে নিৰ্বাচন...

জামুগুৰিহাট