বটদ্ৰৱা থানত আৰম্ভ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ নামকীৰ্ত্তন…

বটদ্ৰৱা থানত আৰম্ভ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ নামকীৰ্ত্তন…

author-image
asomiyapratidin
New Update
বটদ্ৰৱা থানত আৰম্ভ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ নামকীৰ্ত্তন…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "আজি ৰাতি শিলা বৰশিলে এ, নুশুনি প্ৰজাৰে মাত। পালি পহৰীয়া সবে নিদ্ৰা গৈলা ওপজিলে জগন্নাথ।" আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানতো পুৱাৰে পৰা ভক্তি ৰসৰ নিজৰা বোৱাই কৃষ্ণ নামেৰে মুখৰিত হৈ পৰিছে।

শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ উপলক্ষে পুৱা তাল কোবোৱা প্রসঙ্গ, মঞ্জিৰা নাম আৰু আইসকলৰ নামেৰে মুখৰিত হৈ পৰিছে থানৰ চৌদিশ। সমাগম ঘটিছে ভক্ত বৈষ্ণবৰ। বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে তেল, বন্তি, ধূপ, নবৈদ্য লৈ মনো কামনা পূৰণৰ বাবে আহি সেৱা লৈছে।

assam nagaon batadraba janmastami