আহি গ'ল 'ৰাঘৱ'...

আহি গ'ল 'ৰাঘৱ'...
Published on
Updated on

ডিজিটেল ডেস্কঃ শুকুৰবাৰ পৰা ছবিগৃহত মুকলি যতীন বৰাৰ বহু প্ৰত্যাখিত অসমীয়া বোলছবি 'ৰাঘৱ'। মুক্তিৰ পূৰ্বে বৃহস্পতিবাৰে মহানগৰীৰ চিটি চেন্টাৰৰ পি ভি আৰ ছবিগৃহত ছবিখনৰ প্ৰিমিয়াৰ হৈ যায়। যতীন বৰাৰ প্ৰযোজনাত জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত হৈছে ছবিখন।

'ৰাঘৱ'ৰ প্ৰিমিয়াৰ শ্ব'ত উপস্থিত থাকে প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামী, সাদিন-প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, জুবিন গাৰ্গ, মৃদুলা বৰুৱা, নিশিতা গোস্বামী, কপিল বৰা, অজয় ফুকনৰ লগতে অসমীয়া চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও অভিনেত- অভিনেত্ৰীৰ লগতে বিভিন্ন গণ্য মান্য-ব্যক্তি।

উত্তৰ পূৰ্বাঞ্চলৰ ৬২ টা ছবিগৃহৰ লগতে সমগ্ৰ দেশৰে ২০০ৰো অধিত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে। ছবিখনৰ প্ৰিমিয়াৰত উপস্থিত হৈ ৰাইজে ছবিখন আকোৱালী ল'ব বুলি আশা প্ৰকাশ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু 'ৰাঘৱ' পৰিয়ালে।

আহি গ'ল 'ৰাঘৱ'...
অসমৰ পৰা দিল্লীলৈ ২৭০ টা অমৃত কলহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in