এইবাৰ নিৰ্বাচনৰ পাছতে কংগ্ৰেছ দল অস্তিত্বহীন হৈ যাব: জয়ন্ত মল্ল বৰুৱা

এইবাৰ নিৰ্বাচনৰ পাছতে কংগ্ৰেছ দল অস্তিত্বহীন হৈ যাব: জয়ন্ত মল্ল বৰুৱা
Published on
Updated on

ডিজিটেল সংবাদ, বাক্সাঃ শনিবাৰে বাক্সাৰ নিকাছিত বিজেপি দলৰ এক যোগদান সভা অনুষ্ঠিত হয়। এই সভাত অংশ লৈ ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছ দলত কটাক্ষ কৰি কয় যে, এইবাৰৰ নিৰ্বাচনৰ পাছতে কংগ্ৰেছ দল অস্তিত্বহীন হৈ যাব। আনকি মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাকো এগৰাকী কমেডিয়ান বুলি তাচ্ছিল্য সূচক মন্তব্য কৰে।

ইফালে অহা ১৭ এপ্ৰিলত নলবাৰীত নৰেন্দ্ৰ মোডীৰ সভাত তিনি লাখ লোকৰ সমাগম ঘটাৰ বিপৰীতে ৰাহুল গান্ধীৰ সভাত দুই হাজাৰ লোকহে উপস্থিত হ'ব বুলিও কটাক্ষ কৰে।

লগতে সাংসদ নৱ কুমাৰ শৰণীয়াই মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিব নোৱাৰা বাবে বিটিচি পৰিষদৰ পৰা ই.এম ঘনশ্যাম দাসৰ পদ বাতিল কৰা হৈছে বুলিও জানিব দিয়ে মন্ত্ৰী বৰুৱাই। উল্লেখ্য যে আজিৰ সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত জি এচ পি, বিপিএফ, কংগ্ৰেছ দলৰ অৰ্ধ শতাধিক সদস্যই বিজেপি দলত যোগদান কৰে।

এইবাৰ নিৰ্বাচনৰ পাছতে কংগ্ৰেছ দল অস্তিত্বহীন হৈ যাব: জয়ন্ত মল্ল বৰুৱা
মিৰ্জাত পথ দুৰ্ঘটনাঃ ৫ জন আহত, ২ জনৰ অৱস্থা সংকটজনক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in