ডিজিটেল সংবাদ, বোকাখাতঃ পাম অইল খেতিৰ ভয়াবহতাৰ সন্দৰ্ভত জীপাল কৃষক শ্ৰমিক সংঘই উত্থাপন কৰা সকলো অভিযোগ দেওবাৰে অসমৰ মাটিতে সত্যবুলি প্ৰমানিত হ'ল। সুদূৰ মালয়েছিয়া, ইণ্ডোনেছিয়া, ব্ৰিটেইন, আফ্ৰিকা, লেটিন আমেৰিকা, ভাৰতৰ নিকতৱৰ্তী শ্ৰীলংকা, উত্তৰ পূবৰ মিজোৰাম আৰু নাগালেণ্ডত চৰকাৰ তথা পুঁজিপটিৰ চক্ৰান্তত পৰি পাম অইল খেতি কৰা খেতিয়কৰ বিপৰ্য্যস্ত কাহিনী বিস্তাৰিত ৰূপত বৰ্ণনা উদাহৰণ দিয়াৰ পাচতো গা নলৰা অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্তত চেঁচাপানী ঢালিলে গোৱালপাৰাৰ কৃষ্ণাইৰ থলুৱা কৃষকে।
''অসমক মৰুভূমিৰ পৰা ৰক্ষা কৰিবলৈ আমি সকলোৱে ঘৰৰে কাষৰ কৃষ্ণাইৰ খেতিয়কৰ পৰা শিক্ষা লোৱা উচিত । ৰামদেৱ,আদানি,গডৰেজ কোম্পানীৰ চক্ৰান্তত পৰি ,চৰকাৰৰ সস্তীয়া প্ৰলোভনত ভোল গৈ আমি যদি নিজৰ উৰ্বৰ পথাৰখন পাম অইল খেতিৰ বাবে এৰি দিওঁ, তেতিয়া আৰু অসম বাচি নাথাকে ই খাটাং । আমি দাঙি ধৰা সমস্যা সমূ্হৰ ভিতৰত প্ৰায়বোৰ কথাই স্পষ্ট হৈ পৰিছে , টিউবেল মাৰি পানী খাবলৈ ভূ গৰ্ভত পানী নাই, পথাৰ খৰাং মাৰিছে, কাষৰ বাৰীৰ গছ-গছনিত ফল ফুল নধৰা হোৱা, বহু কষ্টেৰে সকলো বিসৰ্জন দি কৰা খেতিৰ ফলতো অৱশেষত এক কুইন্টল পাম অইল গুটিৰ দাম কেৱল ৬০০ টকা পোৱা কথাই সেই খেতিৰ দ্বাৰা জাতিটোজে উচন হ'ব তাকেই প্ৰমাণ কৰিছে'' - গোৱালপাৰাৰ কৃষ্ণাইৰ কৃষকে তৈল খেজুৰ গছ কাটি পেলোৱাৰ পাছতেই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই।
আনহাতেদি ইয়াৰ ক্ৰয় বিক্ৰয় সম্পূৰ্ণ এটা অদৃশ্য কেন্দ্ৰীয় শক্তিয়ে পৰিচালিত কৰে। ইয়াৰ এক মুকলি বজাৰ নাই য'ত দৰ দাম কৰি মূল্য খেতিয়কে নিৰ্ধাৰণ কৰিব পাৰিব। ই অসম্ভৱ। কিয়নো এই খেতিৰ অন্তৰালত বৃহৎ পুঁজিপটিৰ মুনাফা জৰিত আছে। ইয়াৰ দ্বাৰা জাতিটোক সস্তীয়া শ্ৰমিকলৈ ৰূপান্তৰ কৰা, অসমৰ উৰ্ব্বৰতা ধ্বংস কৰি মাটিবোৰ চন পৰিবলৈ দি এসময়ত সেই সকলোমাটি বাজেয়াপ্ত কৰাৰ দীৰ্ঘম্যাদী এজেণ্ডা জড়িত আছে,এই ভূ-ৰাজনীতিক সময় থাকোঁতেই উপলব্ধি কৰা প্ৰয়োজন।
আজিৰ গোৱালপাৰাৰ কৃষ্ণাইৰ থলুৱা খেতিয়কৰ বাস্তৱ অভিজ্ঞতাৰ পৰা আমি সেয়ে শিক্ষা লোৱা উচিত বুলিও এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰিছে সংগঠনটোয়ে। লগতে জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোনেশ্বৰ নৰহ, মুখপাত্ৰ প্ৰবীণ পেগু,মণিকংকণা বৰবৰাই স্পষ্টৰূপত মত প্ৰকাশ কৰে যে, এতিয়া বোকাখাতৰ বিধায়ক তথা অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই এজোপাও যদি পাম অইল খেতি ৰূপন কৰাৰ চেষ্টা কৰে , সেই জোপা গছেই তেওঁৰ ৰাজনৈতিক জীৱন শেষকণ কণ কঠিয়াও নিশেষ কৰি ল'ব। ইয়াৰ প্ৰতিৰোধ সংগ্ৰামত অসমৰ ৰাইজৰ লগত জীপাল কৃষক শ্ৰমিক সংঘই সদায় সমূখত থাকিব বুলিও উল্লেখ কৰে।
Also Read: কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোঁহাইৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ মত-বিনিময় অনুষ্ঠান