অজয় দত্তৰ মৃত্যুৰ ন্যায়ৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ

অজয় দত্তৰ মৃত্যুৰ ন্যায়ৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ

Published on

ডিজিটেল সংবাদ, দেৰগাঁওঃ দেৰগাঁৱৰ দ'লমুখৰ অজয় দত্তৰ বাসগৃহত শনিবাৰে উপস্থিত হয় জীপাল কৃষক শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহকে ধৰি জীপালৰ প্ৰতিনিধি দল। দুজন ব্যক্তিৰ কাজিয়া ভাঙি দিবলৈ চেষ্টা কৰা যুৱকক ওলোটাই পুলিচৰ দ্বাৰা নিৰ্মম প্ৰহাৰৰ বলি হৈ মৃত্যুবৰণ কৰা নিৰীহ অসমীয়া যুৱকৰ মৃতদেহক হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰখনে পোক পৰুৱা আৰু শিয়ালৰ খাদ্যলৈ ৰূপান্তৰিত কৰিছে বুলি অভিযোগ তুলিছে জীপাল কৃষক শ্ৰমিক সংঘৰ নেতা গৰাকীয়ে।

পুলিচৰাজৰ যোগেদি ফেচিবাদী শাসনকৰ্তা হিমন্ত বিশ্বশৰ্মাৰ চৰকাৰ খনে ৫দিন উকলি যোৱাকৈ ঘটনাৰ স্পষ্ট প্ৰমান থকাৰ পাছতো তদন্তৰ নামত আৰক্ষীয়ে কেৱল ভেকুভাওনা কৰা বুলিও শনিবাৰে ক্ষেত্ৰ পৰিদৰ্শন কৰি আক্ৰান্ত পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ জীপালৰ উপদেষ্টা সোনেশ্বৰ নৰহে অভিযোগ উত্থাপন কৰে।

চৰকাৰ-পুলিচৰ তদন্ত আয়োগ-বিষয়া -সংস্থা আদি যদি নাই অথবা জহন্নামে গ'ল তেতিয়া হ'লে পুলিচ ডি জি পিয়ে আত্মসমৰ্পন কৰক। তদন্তকাৰীক প্ৰত্যাহ্বান জনাই নৰহে কয়, প্ৰমাণ যদি লাগে জীপাল কৃষক শ্ৰমিক সংঘই সাক্ষীবাদী পেচ কৰি দিব। লগতে আঙুলিয়াই কয় ঘটনাস্থলীত সেই সময়ত কৰ্তব্যত আৰক্ষী তত্বাৱধায়ক কোন আছিল সেই কথা জানিবলৈ কিহৰ তদন্ত লাগে। ই স্পষ্ট হৈ আছে বুলি উল্লেখ কৰি সেই সন্ধ্যাৰ দায়িত্বত কোন দণ্ডাধীশ আছিল সেইয়াও ৰাজহুৱা কৰক লগতে প্ৰয়োজন হ'লে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশৰ এজনীয়া আয়োগ গঠন কৰি তদন্তৰ দায়িত্ব দিয়ক বুলি দাবী উত্থাপন কৰে সোনেশ্বৰ নৰহে। পৰিয়ালবৰ্গক এককালীন ভৰণ পোষণৰ বাবে সাহাৰ্য প্ৰদান কৰাৰ লগতে পৰিয়ালৰ এজনক স্থায়ী সংস্থাপণ দি দায়বদ্ধতা স্বীকাৰ কৰক বুলিও দাবী উত্থাপন কৰে নেতাগৰাকীয়ে৷

আনহাতেদি দেৰগাঁৱত বিধায়ক আছে জানো বুলি উল্লেখ কৰি ৰাইজৰ খবৰ কাহানিও লৈ নোপোৱা বিধায়কক কতাক্ষ কৰি সোনেশ্বৰ নৰহে কয় যে তেওঁৰ যদি সামান্যতম অসমীয়া জাতীয়তাবাদৰ তেজ থাকিলে হয় , তেতিয়া নিজ সমষ্টিৰ নিৰীহ অসমীয়া যুৱকৰ মৃতদেহক পৰুৱাক শিয়ালক খাবলৈ এৰি নিদিলে হয়। প্ৰশাসনক নিৰ্দেশ দি অজয় দত্তৰ পৰিয়ালক ন্যায় দিয়ালে হয়। সেয়ে তেওঁলোকক ভণ্ড ভুৱা জাতীয়তাবাদী বুলি ক'বলৈ বুকু নকপে বুলি নৰহে ক্ষোভ উজাৰে। তেওঁ এগৰাকী বিধানসভাৰ সদস্য হৈ পৰিয়ালটিক এককালীন সাহাৰ্য আৰু সংস্থাপনৰ কথা কিয় ঘোষণা কৰিব নোৱাৰে বুলিও সংবাদ মাধ্যমৰ আগত বহুতকেইটা বিস্ফোৰক মন্তব্য আগবঢ়ায় কৃষক নেতা সোনেশ্বৰ নৰহে।

আনহাতে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সোনেশ্বৰ নৰহে কয় যে, পুলিচে ৰিকিউচন কৰি নিয়া অস্থায়ী তথা অসামৰিক গাড়ীচালকক পুলিচী মেজাজ আৰোপ কৰা বন্ধ কৰিব লাগে। ৰাইজৰ কৰকাতলেৰে দা দৰমহা ভোগ কৰা ইউনিফৰ্মধাৰী পুলিচ বিষয়া আদিয়ে নিজে দায় সাৰিবলৈ অসামৰিক লোকক সাধাৰণ জনতাৰ ওপৰত হাত তুলিবলৈ প্ৰৰোচিত কৰা কাণ্ডৰ বাবে নিশ্চিত ভাৱে বিষয়াজন অপৰাধী হ'ব বুলি স্পষ্ট মত প্ৰকাশ কৰে। লগতে দেৰগাঁৱৰ অজয় দত্তৰ ওপৰত চলা তেনে কাণ্ডৰ দৰে ভবিষ্যতে কোনো প্ৰান্ততেই পুলিচে তেনে কাণ্ডৰ পুনৰাবৃত্তি কৰিব নোৱাৰে ইয়াৰ বাবে এক নীতি ঘোষণা কৰাৰো দাবী তোলে জীপাল কৃষক শ্ৰমিক সংঘই।

অজয় দত্তৰ মৃত্যুৰ ন্যায়ৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ
মাইক্ৰ'ফাইনেন্সৰ ঋণ লৈ ৰবি শস্যৰ পথাৰত নামিছে বোকাখাতৰ কৃষক
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in