পূজাৰ উপহাৰঃ JMCHত ৬০০ টকাৰ মাচুল বৃদ্ধি ৬০০০ টকালৈ...

পঞ্জীয়ন মাচুলে ১০০ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত
পূজাৰ উপহাৰঃ JMCHত ৬০০ টকাৰ মাচুল বৃদ্ধি ৬০০০ টকালৈ...
পূজাৰ উপহাৰঃ JMCHত ৬০০ টকাৰ মাচুল বৃদ্ধি ৬০০০ টকালৈ...
Published on
Updated on

ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ পাছতে বহুতৰে বাবে চৰকাৰী হাস্পতালৰো চিকিৎসা সেৱা গ্ৰহণ কৰা প্ৰায় অসম্ভৱ হৈ পৰিব। কিয়নো পূজাৰ পাছতেই বৃদ্ধি পাব চৰকাৰী হাস্পতালৰ বিভিন্ন মাচুল।

শেহতীয়াকৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ বিভিন্ন মাচুল বৃদ্ধি কৰাক লৈ ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে আন আন চৰকাৰী হাস্পতালতো মাচুল বৃদ্ধি হ'ব বুলি চৰ্চা হৈছিল। সেই মতেই এইবাৰ যোৰহাট মেডিকেল কলেজ হাস্পতালত পূজাৰ পাছতেই বিভিন্ন মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

সেই অনুসৰি হাস্পতালখনত মুঠ ৬ বিধ চিকিৎসাৰ মাচুল বৃদ্ধি কৰা হ'ব। অস্ত্রোপচাৰৰ ক্ষেত্রত পূৰ্বে গুৰু অস্ত্ৰোপচাৰৰ মাচুল আছিল ৬০০ টকা। কিন্তু এতিয়া এই পৰিমাণ নতুনকৈ ৬ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে।

সাধাৰণ বিছনাৰ বাবে এগৰাকী ৰোগীয়ে প্রতিদিনে মাচুল হিচাপে ১০টকা দি আহিছিল যদিও নতুন নিৰিখ মতে ৫০ টকাকৈ দিব লাগিব। পঞ্জীয়ন মাচুল বৰ্তমান ১০টকা যদিও নতুন নিৰিখ ২০ টকা কৰা হৈছে।

পেয়িং কেবিনৰ মাচুল হিচাপে এতিয়া এগৰাকী ৰোগীয়ে দিব লাগে ১৮০০ টকা। কিন্তু নতুনকৈ এই মাচুল ৩০০০ টকালৈ বৃদ্ধি কৰা হৈছে। সাধাৰণ অস্ত্রোপচাৰৰ মাচুল ৬০০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি কৰা হৈছে।

সেইদৰেই লেপেৰ’স্কপিক অস্ত্রোপচাৰ ৩ হাজাৰৰ পৰা ৫হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। হাস্পতাল কৰ্তৃপক্ষই আজি সংবাদ মেল সম্বোধন কৰি মাচুলৰ এই নতুন নিৰিখৰ কথা উল্লেখ কৰিছে।

তাৰোপৰি তেওঁলোকে জনোৱা মতে পূজাৰ পাছত হাস্পতালখনৰ অ’ পি ডি সেৱা সন্ধিয়া ৫ বজাৰ পৰা ৭ বজালৈকে উপলব্ধ হ’ব বুলিও জনাইছে। তাৰোপৰি এতিয়াৰে পৰা জে এম চি এইছতে সকলো পৰীক্ষাও সম্পন্ন হব।

পূজাৰ উপহাৰঃ JMCHত ৬০০ টকাৰ মাচুল বৃদ্ধি ৬০০০ টকালৈ...
২০২৬ ত মুখ্যমন্ত্ৰী হ'ব ভূপেন বৰাঃ কংগ্ৰেছৰ যোগদান সভাত গৰ্জন মুছাহাৰীৰ ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in