ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত Johnson's এ সমগ্ৰ অসমত 'Johnson's baby Best প্ৰথম দিনৰ পৰাই' নামেৰে এক নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপেই ২২ নৱেম্বৰ, ২০২৪ শুকুৰবাৰে ধুবুৰী আৰু বঙাইগাওঁ জিলাৰ কেইবাটাও স্থানত নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। এই দুয়োখন জিলাতে মুঠ ৭৬৮ গৰাকী মাতৃ আৰু সন্তানে অংশগ্ৰহণ কৰে।
এই কাৰ্যসূচীত নৱজাতক শিশুসকলক কেনেদৰে যত্ন ল'ব লাগে তাৰ পৰামৰ্শ আগবঢ়ায় বিশেষজ্ঞসকলে। আজিৰ Johnson's ৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক শিশু যত্নৰ বাবে একোটাকৈ স্বাগতম কিট বিতৰণ কৰা হয় । আগন্তুক দিনত ৰাজ্যখনৰ আৰু কেইবাখনো জিলাত জনছন আৰু অসমীয়া প্ৰতিদিনে অনুষ্ঠিত কৰিব এনে ধৰণৰ কাৰ্যসূচী।
আজি ধুবুৰী জিলাত ধৰ্মশালা অংগনবাদী কেন্দ্ৰ আৰু ছাগলচৰা অংগনবাদী কেন্দ্ৰত আৰু বঙাইগাওঁ জিলাত ডাঙতল অংগনবাদী কেন্দ্ৰত এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। ধুবুৰীৰ দুয়োটা স্থানতে ছুপাৰভাইজাৰ হিচাপে অংশগ্ৰহণ কৰে মিনুবালা ব্ৰহ্মই আৰু বঙাইগাওঁ জিলাৰ কাৰ্যসূচীত ছুপাৰভাইজৰ হিচাপে থাকে মিঠু পল।