যোৰহাটত সাদিন-প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...

যোৰহাটত সাদিন-প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...
Published on
Updated on

ডিজিটেল ডেস্ক : অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত Johnson's এ সমগ্ৰ অসমত 'Johnson's baby Best প্ৰথম দিনৰ পৰাই' নামেৰে এক নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচী শুকুৰবাৰে যোৰহাটত অনুষ্ঠিত হয় ।

এই কাৰ্যসূচীত নৱজাতক শিশুসকলক কেনেদৰে যত্ন ল'ব লাগে তাৰ পৰামৰ্শ আগবঢ়ায়। এই কাৰ্যসূচী অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হৈ আছে ।

আজিৰ অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় ৩০০গৰাকী মাতৃ আৰু তেওঁলোকৰ কেঁচুৱাই সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে । য'ত যোৰহাট ইটাখুলি AWC ৰ সমাজ কল্যাণ বিভাগৰ Supervisor দিপশিখা কটকীয়ে শিশুযত্নৰ বিভিন্ন কাৰ্যকলাপ যেনে স্তন্যপান, খাদ্য, ময়েশ্চাৰাইজিং, ডায়েপাৰ সলনি কৰা, কেঁচুৱাৰ বাৰ্তা প্ৰেৰণৰ লগতে গৰমৰ দিনত কিদৰে শিশুৰ যত্ন লোৱাৰ প্ৰয়োজন এই বিষয়ে বিষদভাৱে বৰ্ণনা কৰে ।

আজিৰ Johnson's ৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক শিশু যত্নৰ বাবে একোটাকৈ স্বাগতম কিট বিতৰণ কৰা হয় । আগন্তুক দিনত ৰাজ্যখনৰ আৰু কেইবাখনো জিলাত জনছন আৰু অসমীয়া প্ৰতিদিনে অনুষ্ঠিত কৰিব এনে ধৰণৰ কাৰ্যসূচী ।

যোৰহাটত সাদিন-প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...
গোলাঘাট জিলাত সাদিন-প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in