চৰাইপানী গাঁও পঞ্চায়তৰ উদ্যোগত ১০০ গছপুলি ৰোপণ কাৰ্যসূচী

চৰাইপানী গাঁও পঞ্চায়তৰ উদ্যোগত  ১০০ গছপুলি ৰোপণ কাৰ্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ,তিতাবৰ : তিতাবৰ মহকুমাৰ অন্তৰ্গত চৰাইপানী গাঁও পঞ্চায়তৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱৰ "মোৰ মাটি মোৰ দেশ' শীৰ্ষক কাৰ্যসূচীৰ লগত সংগতি ৰাখি গ্ৰহণ কৰে এক আদৰণীয় পদক্ষেপ। শুকুৰবাৰে জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত ১০০ গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰি চৰাইপানী পঞ্চায়ত কাৰ্যালয়ৰ কৰ্মীসকলে পৰিৱেশ সজাগতাৰ এক ইতিবাচক বাৰ্তা দিয়াৰ প্ৰয়াস কৰে।

এই কাৰ্যসূচীত তিতাবৰৰ মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তা উপস্থিত থাকি বন্তি প্ৰজ্বলনৰ লগতে এটি গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে চৰাইপানী পঞ্চায়তৰ সভানেত্ৰী বন্তি শইকীয়াৰ সৱল প্ৰচেষ্টা আৰু দূৰদৰ্শী চিন্তাৰ ফলশ্ৰুতিত ১০০ টা গছপুলি ৰোপণ কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন হয়।

প্ৰতিটো পুলি ডাঙৰ দীঘল হ'ব পৰাকৈ ৰক্ষণাবেক্ষণ আৰু প্ৰতিপালনৰো ব্যৱস্থা কৰে। উক্ত কাৰ্যসূচীত তিতাবৰ খণ্ড উন্নয়ণ বিষয়া মংগল সিং ৰংফাৰ, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ পুলক কছাৰী, চৰাইপানী পঞ্চায়তৰ সচিব জীতেন বৰা, কাৰ্যবাহী অভিযন্তা দেৱজিৎ বৰপাত্ৰগোঁহাই, বৰহোলা সাংবাদিক সন্থাৰ সম্পাদক অজয় শইকীয়া, পঞ্চায়ত কৰ্মী, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আদিয়ে অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়ায়।

চৰাইপানী গাঁও পঞ্চায়তৰ উদ্যোগত  ১০০ গছপুলি ৰোপণ কাৰ্যসূচী
কামৰূপ জিলা কৃষি উন্নয়ন খণ্ডত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ দ্বিতীয় পৰ্যায়ৰ অভিযানৰ শুভাৰম্ভণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in