টেঙাজানত ৭০০ কাৰ্টুন মিঠা তেল উদ্ধাৰ

টেঙাজানত ৭০০ কাৰ্টুন মিঠা তেল উদ্ধাৰ
Published on
Updated on

ডিজিটেল সংবাদ বেকাজানঃ ১৪ আগষ্টত যোৰহাটৰ মাৰোৱাৰী গুদামৰ পৰা তেজপুৰলৈ নিয়া পথত সন্ধানহীন মিঠাতেলভৰ্তি ট্ৰাকখন আৰক্ষীয়ে তিতাবৰত বৃহস্পতিবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে ট্ৰাকখনৰ ১০০০ কাৰ্টুন মিঠাতেল তিতাববৰৰ টেঙাজানত উদ্ধাৰ কৰে।

উল্লেখযোগ্য ১৪ আগষ্টত যোৰহাটৰ মাৰোৱাৰী গুদামৰ পৰা ওলাই যোৱা ট্ৰাক নিৰ্দিষ্ট সময়ত তেজপুৰ গৈ নোপোৱাৰ ফলত ক্রেতা বিক্রেতা দুই পক্ষৰ মাজত সন্দেহৰ সৃষ্টি হৈছিল। তাৰোপৰি উভয় পক্ষই আৰক্ষীৰ কাষ চাপে।

যোৰহাট সদৰ থানাৰ আৰক্ষীয়ে চলোৱা অভিযানত কাৰ্বি অলং জিলাৰ চিলনীজানৰ এটা তেল ডিপোত ৰখাই থোৱা অৱস্থাত ট্ৰাকখন ১৮ আগষ্টত আৰক্ষী উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ট্ৰাকখনত থকা ১০০০ কাৰ্টন মিঠাতেলৰ উধাও হয় । যোৱা নিশা তিতাবৰ মহকুমাৰ অসম নাগালেণ্ডৰ সীমান্তৰ নগবাটৰ পৰা যোৰহাট সদৰ থানাৰ আৰক্ষীয়ে ট্ৰাকখনৰ হেণ্ডিমেন ৰূপে থকা ৰোহিত ঘটোৱাৰক আটক কৰিবলৈ সক্ষম হয়।

তেতিয়াই ট্ৰাকখন সন্ধানহীন হোৱা কাণ্ডৰ প্ৰকৃত ৰহস্য ভেদ হৈ চুৰিকাণ্ডৰ তথ্য পোহৰলৈ আহে। উল্লেখযোগ্য যে মাত্ৰ কিছুদিনৰ পূৰ্বে ট্ৰাকখনত হেন্দিমেন ৰূপে যোগদান কৰা তিতাবৰ নতুন মাটি কেঁচাইখাটিৰ ৰোহিত সন্ধানহীন হোৱা বুলি পৰিয়ালে আৰক্ষীক এক গোচৰ তৰিছিল।

একে গাঁৱৰে ট্ৰাকখনৰ চালক হেমন্ত শইকীয়াৰ লগত সন্ধানহীন হোৱা বুলি দাবী কৰা পৰিয়ালৰ এজাহাৰত উল্লেখ কৰা হৈছিল। ধৃত ৰোহিত ঘটোৱাৰৰ স্বীকাৰোক্তি অনুসৰি আৰক্ষীয়ে মাজনিশা তিতাবৰৰ মাধপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নতুন গোহাঁই গাঁও যদুমণি দাস নামৰ যুৱকগৰাকীৰ বাসগৃত চলোৱা অভিযানত ৭০০ কাৰ্টন মিঠাতেল উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ উপস্থিতি উমান পাই যদুমনি পলায়ন কৰে । আৰক্ষীয়ে এতিয়াও ট্ৰাকখনৰ চালক হেমন্ত শইকীয়াৰ সন্ধান উলিয়াব পৰা নাই। মনকৰিবলগীয়া কথা এয়ে যে যোৰহাট জিলাৰ বিভিন্ন চুৰি গাড়ী আৰু ড্ৰাগছৰ বেহাত জড়িত থকা বুলি আৰক্ষীৰ খাটাত থকা যদুমনি দাসে অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰি অহা বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ কৰিছে।

আৰক্ষীয়ে সদৰী কৰা অনুসৰি যোৰহাটৰ গুদামৰ পৰা মিঠাতেল লোড কৰি তেজপুৰলৈ যাত্ৰা কৰা ট্ৰাকখনৰ সকলো মিঠাতেল মাত্ৰ ৩০ হাজাৰ টকাত যদুমনি দাসে ক্ৰয় কৰিম বুলি কোৱাত ট্ৰাক চালকগৰাকীয়ে তেজপুৰলৈ নগৈ গোলাঘাট হৈ তিতাবৰৰ নতুন গোহাঁই গাঁৱত উপস্থিত হয়। নিশা মিঠাতেল ট্ৰাকৰ পৰা নমাই ট্ৰাকখন নিশাই কাৰ্বি আলং জিলাৰ চিলনীজানৰ উক্ত তেল ডিপোত ৰখাই চালক হেন্দিমেন তিতাবৰত উপস্থিত হয়।

পিছদিনা তেল ডিপোৰ মালিকে ট্ৰাকখনৰ বিচাৰ খোঁচাৰ কৰি কোনো তথ্য লাভ নকৰাত আৰক্ষীক অৱগত কৰে। ইফালে প্ৰথম বাৰৰ বাবে এনে কামত লিপ্ত হোৱা হেন্দিমেন গৰাকীয়ে ভয়ত নিজকে আত্মগোপন কৰি নগবাটৰ আত্মীয় ঘৰত পলাই আছিল যদিও ফোন টেপিং পৰীক্ষা কৰি আৰক্ষীয়ে সন্ধান লাভ কৰিবলৈ সক্ষম হয় ।

টেঙাজানত ৭০০ কাৰ্টুন মিঠা তেল উদ্ধাৰ
বাসুগাঁৱত ম্যাদ উকলি যোৱা শিশু খাদ্য বিতৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in