আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত এ চি এ সভাপতি একাদশ চেম্পিয়ন

আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত এ চি এ সভাপতি একাদশ চেম্পিয়ন

author-image
Asomiya Pratidin
New Update
আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত এ চি এ সভাপতি একাদশ চেম্পিয়ন

ডিজিটেল সংবাদ,যোৰহাট : যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয় খেলপথাৰত অনুষ্ঠিত আৰ জি বৰুৱা সোঁৱৰণী ১৬ বছৰ অনুৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত অসম ক্ৰিকেট সন্থা সভাপতি একাদশে ৯ উইকেটত জয়লাভ কৰি চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিছে। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহযোগত দেওবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন ডিব্ৰুগড় জিলা আৰু অসম ক্ৰিকেট সন্থা সভাপতি একাদশ দলৰ মাজত অনুষ্ঠিত হয়।

চূড়ান্ত খেলখনত ডিব্ৰুগড় দলে কালি প্ৰথম ইনিংছত ১৩৫ ৰাণ আৰু ৰাজীৱ ডুবেৰ ৩৫ ৰাণৰ সহযোগত মাত্ৰ ৬৬ ৰাণতে সোমবাৰে দ্বিতীয় ইনিংছ সমাপ্তি ঘটে আৰু সভাপতি একাদশক বিজয়ৰ বাবে মাত্ৰ ১১ ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে। প্ৰেচিডেণ্ট একাদশৰ হৈ পৃথিবীৰাজ কাশ্যপে ৪টা, আবাদ উদ্দিনে ৩টা আৰু ৰাহুল তামুলীয়ে ২টা উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত এ চি এ প্ৰেচিডেণ্ট একাদশে জুলিন কোঁৱৰৰ ২৮ আৰু তুষাৰ ৰুদ্ৰ বৰাৰ ২৪ ৰাণৰ সহযোগত ৩৯.১ অভাৰত পাঁচ উইকেট হেৰুৱাই কালিৰ দিনান্তৰলৈকে সংগ্ৰহ কৰা ১২৬ ৰাণৰ পৰা আজি পুনৰ খেল আৰম্ভ কৰি প্ৰথম ইনিংছত আবাদ উদ্দিনৰ ২৭ ৰাণৰ সহযোগত ৫৭.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৯১ সংগ্ৰহ কৰাৰ লগতে দ্বিতীয় ইনিংছত বিজয়ৰ বাবে ১১ ৰাণ সীমা আগত লৈ জুলিন কোঁৱৰৰ ৬ ৰাণৰ সহযোগত এটা উইকেটৰ বিনিময়তে ১.৪ অভাৱত ১৪ ৰাণ সংগ্ৰহ কৰি ৯ উইকেটত বিজয় সাব্যস্ত কৰে।

প্ৰথম ইনিংছত ডিব্ৰুগড়ৰ হৈ কানহাইয়া ঠাকুৰে ৪টা, অভিষেক য়াদৱ ৩টা আৰু ৰাজীৱ ডুবে ২টা উইকেট লাভ কৰাৰ লগতে দ্বিতীয় ইনিংছত একমাত্ৰ উইকেটো লাভ কৰে ৰাজীৱ ডুবে। আজি খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত চেম্পিয়ন দল অসম ক্ৰিকেট সন্থা সভাপতি একাদশ দলক বঁটা প্ৰদান কৰে বঁটা বিতৰণী সভাৰ মুখ্য অতিথি অৰূপ বৰঠাকুৰ আৰু ক্ৰিকেট শাখাৰ সভাপতি ৰবীন শইকীয়াই।

ৰানাৰ্ছ আপ দল ডিব্ৰুগড় জিলা দলক বঁটা প্ৰদান কৰে প্ৰাক্তন ৰঞ্জী খেলুৱৈ অৰ্লেন কোঁৱৰ আৰু মহাৰাষ্ট্ৰৰ হেমন্ত কিনিকাৰে। ইফালে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ বলাৰ সন্মান লাভ কৰে মঙলদৈ জিলা দলৰ শুভাংকৰ শৰ্মাই। শ্ৰেষ্ঠ বেটছমেন সন্মান লাভ কৰে প্ৰেচিডেণ্ট একাদশৰ টুষাৰ ৰুদ্ৰ বৰাই আৰু চূড়ান্ত খেলখনৰ মেন অৱ দা মেছ সন্মান লাভ কৰে দুইটা ইনিংছতে ৯টাকৈ উইকেট লাভ কৰা সভাপতি একাদশ দলৰ পৃথিবীৰাজ কাশ্যপে।

আনহাতে চূড়ান্ত খেলখনৰ আম্পায়াৰ ধীৰাজ কুমাৰ দাস, উমা শংকৰ গৌতম আৰু স্ক'ৰাৰ প্ৰতীম বৰাক আয়োজক সমিতিয়ে বঁটা বিতৰণী সভাতে সম্বৰ্ধনা জনাই। আজিৰ বঁটা বিতৰণী সভাত উপস্থিত থাকে জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ললিত বৰা, দ্বিজেন শইকীয়া, আম্পায়াৰ বৰ্ডৰ সদস্য ভৱানী তাছা, এথলেটিকচ শাখাৰ সভাপতি ৰিতুৰাজ বৰা, ক্ৰিকেট শাখাৰ সম্পাদক অজিত চেতিয়া উপৰিও মহম্মদ আব্দুল খালেক আৰু মৃগেন বৰুৱা।

Also Read: যোৰহাট জিলা দবা সন্থাৰ উদ্যোগত বয়স ভিত্তিত দবা প্ৰতিযোগিতাৰ আয়োজন

cricket sports assam cricket tournament