মৰিয়নীত মন্ত্ৰী অজন্তা নেওগৰ বিশাল জনসভা...
মৰিয়নীত মন্ত্ৰী অজন্তা নেওগৰ বিশাল জনসভা...

মৰিয়নীত মন্ত্ৰী অজন্তা নেওগৰ বিশাল জনসভা...

Published on

ডিজিটেল সংবাদ মৰিয়নীঃ 'নাৰীৰ সৰ্বাংগীন বিকাশৰ জড়িয়তেহে এক সুস্থ সমাজ গঢ়িব পাৰি। ভৱিষ্যতে এখন উন্নত দেশ নিৰ্মাণৰ বাবে ই ভেটিস্বৰূপ।'- আজি মৰিয়নীৰ সোণোৱাল চাহ বাগিছাত আয়োজিত এখন জনসজাগতা সভাত দিয়া ভাষণত বিত্ত তথা মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে এনেদৰে কয়।

উল্লেখযোগ্য যে, আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ বিভাগে মাহজোৰা কাৰ্যসূচীৰে চাহ বাগিচাসমূহত 'মহিলাৰ সুৰক্ষা, নিৰাপত্তা আৰু সৱলীকৰণ'ৰ ওপৰত এলানি সজাগতা সভাৰ আয়োজন কৰিছে। আজি মৰিয়নীৰ সোণোৱাল বাগিচাত অনুষ্ঠিত সজাগতা সভাত দিয়া ভাষণত মহিলা আৰু শিশু বিকাশ মন্ত্ৰীগৰাকীয়ে মহিলাসকলক সকলো ক্ষেত্ৰতে সম অধিকাৰ প্ৰদান কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

'মহিলা সকলে আত্মসন্মানসহকাৰে আৰু মৰ্যাদাপূৰ্ণভাৱে জীয়াই থাকিবলৈ শিক্ষিত হোৱাৰ উপৰি বৃত্তিমূলক প্ৰশিক্ষন ল'ব লাগিব। আত্মসহায়ক গোট আৰু স্বেচ্ছাসেৱী সংস্থাসমূহে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূূমিকা পালন কৰিব লাগিব'-ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে।

বৰ্তমান ৰাজ্য চৰকাৰে মহিলাসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই পদক্ষেপসমূহৰ সন্দৰ্ভত ব্যাপক সজাগতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চাহ বাগিচা অঞ্চলসমূহত মহিলাৰ শোষন ৰোধ, কিশোৰীসকলৰ পুষ্টি আৰু স্বাস্থ্যসন্মত জীৱনযাত্ৰা নিশ্চিত কৰা, ঋতুুকালীন পৰিচ্ছন্নতা আদিৰ ক্ষেত্ৰত যথেষ্ট কৰণীয় আছে বুলি তেওঁ লগতে দোহাৰে।

আজিৰ এই সজাগতা সভাত মন্ত্ৰী অজন্তা নেওগৰ উপৰি সাংসদ তপন গগৈ আৰু কামাখ্যা প্ৰসাদ তাছা, বিধায়ক- ৰূপজ্যোতি কুৰ্মীৰ উপৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাৰ সমান্তৰালকৈ বাগিচাৰ পৰম্পৰাগত খেল-ধেমালী আৰু কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। ইয়াৰ উপৰি সভাৰ সৈতে সংগতি ৰাখি ৰক্তহীনতা পৰীক্ষণ শিৱিৰ অনুষ্ঠিত কৰাৰ লগতে শিক্ষা, সুৰক্ষা আৰু পৰিপুষ্টি বিষয়ক বাৰ্তা বুথ মুকলি কৰা হয়।

উল্লেখযোগ্য যে, চাহ বাগিচা অঞ্চলত মহিলা আৰু শিশুৰ কল্যান তথা সুৰক্ষা নিশ্চিত কৰিবলৈ গ্ৰহন কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এখন তথ্যচিত্ৰ যুগুত কৰা হৈছে। মহিলা আৰু শিশু বিকাশ বিভাগে নিৰ্মান কৰা এই তথ্যচিত্ৰখনিয়ে চাহ বাগিচা সমূহত মহিলা আৰু শিশুৰ কল্যাণ, সুৰক্ষা আৰু সৱলীকৰণৰ ক্ষেত্ৰত এক জাগৰণ আনিব বুলি আশা কৰা হৈছে।

মৰিয়নীত মন্ত্ৰী অজন্তা নেওগৰ বিশাল জনসভা...
কি কি অপৰাধ কৰিছিল শিৰোনাম অসম আৰু বৰ্ণালী অসমে?- আলফাই দিলে বিবৃতি...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in