সদৌ অসম আহোম সভাৰ মৰিগাঁও জিলা আহোম সভা সমিতি ভংগ...

সদৌ অসম আহোম সভাৰ মৰিগাঁও জিলা আহোম সভা সমিতি ভংগ...
সদৌ অসম আহোম সভাৰ মৰিগাঁও জিলা আহোম সভা সমিতি ভংগ...
Published on
Updated on

ডিজিটেল সংবাদ যোৰহাটঃ বোকাজানত সদৌ অসম আহোম সভাৰ এখনি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। উক্ত ৰাজ্যিক কাৰ্যনিৰ্বাহ সভাত অসমৰ আটাইবোৰ জিলাৰ প্ৰতিনিধি উপস্থিতিত সভাই সভাৰ ভৱিষ্যত কৰ্মপন্থা নিৰ্ধাৰণো কৰে।

সেই সভাতে সভাৰ সৰ্বসন্মতি ক্ৰমে নিষ্ক্ৰিয় তথা সভা কেন্দ্ৰীয় সমিতিৰ লগত কোনো দিশতে সহযোগ নৰখা অসমৰ অন্যতম উল্লেখ্য জিলা মৰিগাঁও জিলাৰ আহোম সভাৰ জিলা সমিতিখনক ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাই তৎকালীন ভাৱে ভংগ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, জিলাখনত পৰবৰ্তী নতুন সমিতি এখন গঠনৰ বাবে মৰিগাঁও জিলাৰ বিপুল গগৈৰ নেতৃত্বত এখন চাৰিজনীয়া আহ্বায়ক সমিতিক দায়িত্ব দিয়া হৈছে বুলি কেন্দ্ৰীয় সাধাৰণ সম্পাদক তপন কুমাৰ গগৈয়ে আজি এক প্ৰেছ বাৰ্তা যোগে জনাইছে। মৰিগাঁও জিলাৰ সকলো অঞ্চলৰ আহোম জনগোষ্ঠীৰ লোকসকলক লৈ এখন শক্তিশালী জিলা সমিতিখন গঠন কৰা হ’ব বুলি সদৌ অসম আহোম সভাই মত পোষণ কৰা বুলিও সাধাৰণ সম্পাদক তপন কুমাৰ গগৈয়ে লগতে জনাইছে।

সদৌ অসম আহোম সভাৰ মৰিগাঁও জিলা আহোম সভা সমিতি ভংগ...
বিজেপিৰে মিত্ৰতাৰ নামত তিক্ততাহে ভোগীছে অগপই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in