সদৌ অসম আন্তঃজিলা বক্সিং প্ৰতিযোগিতা : যোৰহাট জিলাৰ শ্ৰেষ্ঠত্ব অৰ্জন

সদৌ অসম আন্তঃজিলা বক্সিং প্ৰতিযোগিতা : যোৰহাট জিলাৰ শ্ৰেষ্ঠত্ব অৰ্জন
Published on
Updated on

ডিজিটেল সংবাদ, যোৰহাট : বোকাখাত জিলা এমেছাৰ বক্সিং সন্থাৰ আতিথ্যত গোলাঘাট জিলাৰ বাদুলিপাৰৰ ওপৰ টেমেৰা ৰংগমঞ্চত অনুষ্ঠিত হৈছে সদৌ অসম বক্সিং সন্থাৰ ৪৪ সংখ্যক সদৌ অসম আন্তঃজিলা ছাব জুনিয়ৰ চেম্পিয়নশ্বিপ ২০২৪। বক্সিং প্ৰতিযোগিতাৰ উভয় শাখাত যোৰহাট জিলা এমেছাৰ বক্সিং সন্থাৰ পৰা যোৰহাট জিলা দলক প্ৰতিনিধিত্ব কৰা ৮ জনীয়া দলটোৰ তিনিজনে সোণ, দুজনে ৰূপসহ মুঠ পাঁচজন খেলুৱৈয়ে পদক অৰ্জন কৰে।

ইয়াৰোপৰি যোৰহাট জিলা দলটোৱে প্ৰতিযোগিতাখনত অসমৰ ভিতৰত শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰি জিলাখনলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সেই অনুসৰি প্ৰতিযোগিতাখনত ক্ৰমে ৩৩-৩৫ কেজি ল’ৰাৰ শাখা আভিজ্ঞান বৰাই সোণৰ পদন অৰ্জন কৰে।

একেদৰে ৩৭-৪০ কেজি ল’ৰাৰ শাখাত অভি থাপাই সোণ, ৪০-৪৩ কেজি ল’ৰাৰ শাখাত অয়ন শইকীয়াই সোণৰ পদক লাভ কৰে। ৪৯-৫২ কেজি ল’ৰাৰ শাখাত আদিত্য ৰাজবংশীয়ে ৰূপ আৰু ছোৱালীৰ জুনিয়ৰ শাখাত ময়ুৰীকা গগৈয়ে ৰূপ পদক অৰ্জন কৰে।

আনহাতে প্ৰতিযোগিতাখনত আদিত্য ৰাজবংশীয়ে শ্ৰেষ্ঠ লুজা সন্মান লাভ কৰিবলৈ সক্ষম হয়। উক্ত দলটোত প্ৰশিক্ষকৰূপে গণেশ ৰাণা আৰু পৰিচালকৰূপে কৌশিক দাস উপস্থিত থাকে।

উল্লেখযোগ্য যে, যোৰহাট জিলা এমেছাৰ বক্সিং সন্থাৰ নিজাকৈ এটা স্থায়ী কাৰ্যালয়, প্ৰশিক্ষণৰ বাবে এডোখৰ নিজা ঠাইৰ অভাৱ দীৰ্ঘদিনীয়া। সেই বাবে সন্থাৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে বহুবাৰ বহু মন্ত্ৰী-বিধায়ক, বিষয়াক কাকুতি মিনতি কৰিও কোনো সুফল আজি পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই।

অৱশ্যে যেনে-তেনে হ’লেও প্ৰশিক্ষাৰ্থীসকলক অত এদিন, তত এদিন প্ৰশিক্ষণ প্ৰদান কৰি হ’লেও প্ৰশিক্ষাৰ্থী সকলক আগুৱাই নি আজি এনে ফলাফল লাভ কৰিবলৈ পাই অতি গৌৰাম্বিত তথা আনন্দিত হৈছো বুলি সন্থাৰ সম্পাদক বিদ্যুৎ ফুকনে মত প্ৰকাশ কৰে।

সদৌ অসম আন্তঃজিলা বক্সিং প্ৰতিযোগিতা : যোৰহাট জিলাৰ শ্ৰেষ্ঠত্ব অৰ্জন
পাটাছাৰকুছি উন্নয়ন সমিতিৰ বিশেষ অভিনন্দন অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in