আন্তঃজিলা পেঞ্চাক চিলাট প্ৰতিযোগিতাৰ সফল সমাপ্তি

তিতাবৰ জিলা ক্ৰীড়া সন্থা আৰু তিতাবৰ পেঞ্চাক চিলাট সন্থাৰ সহযোগত দুখনকৈ আন্তঃজিলা পেঞ্চাক চিলাট প্ৰতিযোগিতাৰ সফলভাৱে সমাপন হৈ যায়।

author-image
Asomiya Pratidin
New Update
আন্তঃজিলা পেঞ্চাক চিলাট প্ৰতিযোগিতাৰ  সফল সমাপ্তি

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাত জিলাৰ তিতাবৰত অসম পেঞ্চাক চিলাট সন্থাৰ উদ্যোগত তথা তিতাবৰ জিলা ক্ৰীড়া সন্থা আৰু তিতাবৰ পেঞ্চাক চিলাট সন্থাৰ সহযোগত দুখনকৈ আন্তঃজিলা পেঞ্চাক চিলাট প্ৰতিযোগিতাৰ সফলভাৱে সমাপন হৈ যায়। তিতাবৰ ইণ্ড'ৰ ষ্টেডিয়ামত "ষষ্ঠ সদৌ অসম ছাব-জুনিয়ৰ আৰু জুনিয়ৰ পেঞ্চাক চিলাট প্ৰতিযোগিতা:২০২৩" আৰু ষ্টেডিয়ামৰ চৌহদত "২য় সদৌ অসম ছাব-জুনিয়ৰ আৰু জুনিয়ৰ বিচ্ছ্ পেঞ্চাক চিলাট প্ৰতিযোগিতা:২০২৩"ৰ বটাঁ বিতৰণী সভা অনুষ্ঠিত হয়।

এই সভাত ক্ৰমে বিশিষ্ট সমাজকৰ্মী তথা তিতাবৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক শ্ৰীযুত তৰুণ দত্ত, খ্যাতনামা সমৰকলাবিদ ক্ৰমে মৃদুল প্ৰৱন জোন, অতুল কলিতা জিতেন বৰা, দণ্ডাধীশ অম্লান ফুকন, সমাজকৰ্মী শ্ৰীযুত প্ৰাণৱেন্দ্ৰ দেৱনাথ আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ২০, ২১, ২২ আৰু ২৩ জুলাইত চাৰিদিনিয়াকৈ আয়োজিত প্ৰতিযোগিতা দুখনত ৰাজ্যৰ ৩২ খন জিলাৰ পাঁচ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

উক্ত প্ৰতিযোগিতাদ্বয়ত গোলাঘাট জিলাই প্ৰথম স্থান, ধেমাজি জিলাই দ্বিতীয় স্থান আৰু তিনিচুকীয়া জিলাই তৃতীয় স্থান লাভ কৰে। উক্ত প্ৰতিযোগিতাদ্বয়ৰ বিভিন্ন বিভাগত নিষ্ঠা সহকাৰে দ্বায়িত্ব পালন কৰাৰ বাবে ক্ৰমে গগন চন্দ্ৰ বড়ো, সঞ্জিত বসুমতাৰী, স্বপন দৈমাৰী, এলবিষ্টন মাৰাক, ৰবিজিত ৰাজকুমাৰ, ভাস্কৰজ্যোতি ডেকা, মনোজ কালৱাৰ, নিৰ্মালী বৰা, হেপী দেউৰী, ভাস্কৰজ্যোতি গগৈ, কেশৱ গগৈ, ওম চেত্ৰী, সত্য বড়ো, অচ্যুত বড়ো, তিলক কুটুম, মিঠুৰাজ পেগু, প্ৰেৰণা হাজৰিকা, লাকী দাস, নিষ্ঠাৰিণী শইকীয়া, জুবিন গোঁহাই, সবিতা মোছাহাৰী, জোনমণি মোছাহাৰী, অতুল দলে, দিব্য পাতিৰ, জুপিতৰা টায়ুং, লক্ষ্মী ৰাভা, গুণগুণ যাদৱ, অঙ্কিত দেৱনাথ, মনোৰাম বড়োক অসম পেঞ্চাক চিলাট এছ'চিয়েশ্যনৰ তৰফৰ পৰা বিশেষ ভাৱে সন্মানিত কৰা হয়।

"ষষ্ঠ সদৌ অসম ছাব-জুনিয়ৰ আৰু জুনিয়ৰ পেঞ্চাক চিলাট প্ৰতিযোগিতা:২০২৩"ৰ ফলাফলৰ ওপৰত ভিত্তি কৰি আগন্তুক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে বাচনি কৰা হ'ব বুলি অসম পেঞ্চাক চিলাট এছ'চিয়েশ্ব্যনৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলে জানিব দিয়ে।

Also Read: বোল ব'মলৈ ওলাই গৈছিল কিশোৰী, আই নৈৰ বুকুত সন্ধানহীন