ডিজিটেল সংবাদ,যোৰাহাট : ৰোগমুক্ত সমাজ গঠনৰ বাবে ক্ৰীড়াই হৈছে একমাত্ৰ শৈলী বুলি দাবী কৰিছে বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাই। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ পৰিকল্পনাৰে আৰম্ভ হোৱা মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাখনে আজি পূৰ্ণতা লাভ কৰাত আনন্দিত হৈ পৰে।
প্ৰবীণ ক্ৰীড়াবিদগৰাকীয়ে কয় যে, ৩৫ ঊদ্ধৰ্ধৰ পৰা আৰম্ভ কৰি ৯০ ঊদ্ধৰ্ধৰ খেলুৱৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই প্ৰতিযোগিতাক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে আৰু আজি তাৰেই অনুৰূপ দৃশ্য দেখা পোৱা গৈছে। ই এক সমাজৰ বাবে শুভ লক্ষণ। এই কাৰ্যই উঠি অহা নৱপ্ৰজন্মৰ বাবে এক আৰ্দশ হ'ব বুলি কয় অৰ্জন ভোগেশ্বৰ বৰুৱাই।
অসম মাষ্টাৰ্ছ এথলেটিকছ এছ'চিয়েচনৰ উদ্যোগত যোৰহাট জিলা প্ৰবীণ ক্ৰীড়া সন্থাৰ আতিথ্যত যোৰহাটত প্ৰথমবাৰৰ বাবে যোৰহাট ষ্টেডিয়ামত চাৰিদিনীয়াকৈ আয়োজন কৰা হৈছে আন্তঃজিলা ২৯ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথেলেটিকছ চেম্পিয়নশ্বিপ ২০২৩। বুধবাৰৰ পৰা উক্ত প্ৰতিযোগিতাখন আৰম্ভ হৈছে।
অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকা অৰ্জন ভোগেশ্বৰ বৰুৱাই প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে। পুৱা ১০-০০ বজাৰ পৰা অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অলিম্পিক শিখা প্ৰজ্বলন কৰে আন্তঃৰাষ্ট্ৰীয় প্ৰবীণ খেলুৱৈ নকুল বৰদলৈ আৰু প্ৰবীণ খেলুৱৈ ইন্দ্ৰজিৎ গগৈয়ে।
অসম মাষ্টাৰ্ছ এথলেটিকছ এছ'চিয়েচনৰ পতাকা উত্তোলনৰ কৰে অৰ্জন ভোগেশ্বৰ বৰুৱাই। আনহাতে যোৰহাট জিলা প্ৰবীণ ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি হিতেন্দ্ৰ নাথ গোস্বামী আৰু কাৰ্যকৰী সভাপতি ডাঃ গোলাপ ডেকাই। ইফালে উদযাপন সমিতিৰ সভাপতি হিতেন্দ্ৰ নাথ গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰে।
যোৰহাট জিলা প্ৰবীণ ক্ৰীড়া সন্থাৰ সদস্য-সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা সমবেত সংগীতৰ পিচতে ৩৩খন জিলাৰ পৰা অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ অংশগ্ৰহণেৰে আৰম্ভ হয় মাৰ্ছপাচ। আনহাতে অনুষ্ঠানটিৰ লগত সংগতি ৰাখি বিদ্যুৎ ভূষণ বৰাৰ সম্পাদনাত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ 'ভোগদৈ' উন্মোচন কৰে যোৰহাটৰ বিশিষ্ট ক্ৰীড়া সংগঠক ননী দত্তই।
ইয়াৰোপৰি আজিৰ উদ্বোধনী অনুষ্ঠানত আয়োজক সমিতিয়ে বিশিষ্ট ক্ৰীড়া সংগঠক ড০ তপন দত্ত, অৰ্জন ভোগেশ্বৰ বৰুৱাৰ পত্নী ৰেণু বৰুৱা, অসম মাষ্টাৰ্ছ এথেলেটিকছ এছ'চিয়েচনৰ কাৰ্যকৰী সভাপতি মাগুৰাম বালাৰী, সাধাৰণ সম্পাদক বিদ্যুৎ বিজয় মহন্ত, বিশিষ্ট গীতিকাৰ নলিনী হাজৰিকা, কোষাধ্যক্ষ বিমল গগৈ, যুটীয়া সম্পাদক শৰৎ চন্দ্ৰ গগৈ, ফণী বৰুৱা, দিগন্ত বুঢ়াগোহাঁই, পৰমানন্দ বৰা আৰু ক্ষীৰদা বৰুৱাক সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে উভয় শাখাতে ৩৩ খন জিলাৰ ১৮শ প্ৰতিযোগীয়ে যোগদান কৰা প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হয় কেইবাখনো প্ৰতিযোগিতা।
ইয়াৰ ভিতৰত ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৬০ ঊদ্ধৰ্ধৰ মহিলা শাখাত প্ৰথম স্থান লাভ কৰে বজালীৰ বিমলা গায়নে। দ্বিতীয় নাহৰকটীয়াৰ দীপালী দত্ত আৰু দৰঙৰ কুঞ্জনা কলিতাই তৃতীয় স্থান লাভ কৰে।
উক্ত শাখাতে ৬০ ঊদ্ধৰ্ধৰ পুৰুষ শাখাত প্ৰথম স্থান লাভ কৰে মৰিগাঁৱৰ নোমল ডেকাই।গোলাঘাটৰ ইন্দ্ৰেশ্বৰ বৰাই দ্বিতীয় আৰু বঙাইগাঁওৰ মণিকান্ত ৰায়ে তৃতীয় স্থান লাভ কৰে। ৬৫ ঊদ্ধৰ্ধৰ পুৰুষ শাখাৰ ৮০০ মিটাৰ দৌৰত প্ৰথম স্থান লাভ কৰে ডিব্ৰুগড়ৰৰ অশোক কুমাৰ সিঙে। দৰঙৰ গণপতি নাথে দ্বিতীয় আৰু গোলাঘাটৰ সন্দিকৈয়ে তৃতীয় স্থান লাভ কৰে।
৭০ বছৰ ঊদ্ধৰ্ধৰ পুৰুষ শাখাৰ ৮০০ মিটাৰ দৌৰত প্ৰথম স্থান লাভ কৰে চিলাপথাৰৰ সোণাধৰ গগৈয়ে। গোলাঘাটৰ অতুল শইকীয়াই দ্বিতীয় আৰু মৰিগাঁৱৰ বিনয় ডেকাই তৃতীয় স্থান লাভ কৰে। ৭৫ বছৰ ঊদ্ধৰ্ধৰ পুৰুষ শাখাৰ ৮০০ মিটাৰ দৌৰত প্ৰথম স্থান লাভ কৰে চিলাপথাৰৰ ৰংমন গগৈয়ে। ৮০ বছৰ ঊদ্ধৰ্ধৰ পুৰুষ শাখাৰ ৮০০ মিটাৰ দৌৰত প্ৰথম স্থান অধিকাৰ কৰে যোৰহাটৰ দেৱ কুমাৰ বৰাই।
আনহাতে ৯০ ঊদ্ধৰ্ধৰ পুৰুষ শাখাৰ ৮০০ মিটাৰ দৌৰত প্ৰথম স্থান অধিকাৰ কৰে মৰাণৰ লোকনাথ দিহিঙ্গীয়াই। ইফালে ৬৫ ঊদ্ধৰ্ধৰ মহিলা শাখাৰ ৮০০ মিটাৰ দৌৰত প্ৰথম স্থান অধিকাৰ কৰে গোলাঘাটৰ মালতী শইকীয়াই।
৭০ ঊদ্ধৰ্ধৰ মহিলা শাখাৰ ৮০০ মিটাৰ দৌৰত প্ৰথম স্থান অধিকাৰ কৰে মৰিগাঁৱৰ নীলিমা কোঁৱৰে। চৰাইদেউৰ পাচন ৰাজকুমাৰীয়ে দ্বিতীয় আৰু যোৰহাটৰ ধনদা দত্তই তৃতীয় স্থান লাভ কৰে।
৭৫ ঊদ্ধৰ্ধৰ মহিলা শাখাৰ ৮০০ মিটাৰ দৌৰত প্ৰথমস্থান অধিকাৰ কৰে চিলাপথাৰৰ নিৰুমাই দেউৰী। লক্ষীপথাৰৰ মাকৌ বৰাই দ্বিতীয় আৰু যোৰহাটৰ অনু গগৈয়ে তৃতীয় স্থান লাভ কৰে। ৩৫ ঊদ্ধৰ্ধৰ পুৰুষ শাখাৰ শ্বৰ্টপুট প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে মৰাণৰ দেৱজিৎ বৰদলৈ। নাজিৰাৰ বিনয় চুতীয়াই দ্বিতীয় আৰু লক্ষীমপুৰৰ মাধৱ দত্তই তৃতীয় স্থান লাভ কৰে।
৪০ ঊদ্ধৰ্ধৰ পুৰুষ শাখাৰ শ্বৰ্টপুত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে কামৰূপৰ জয়ন্ত শৰ্মা। চৰাইদেউৰ লোহিত দেওঘৰীয়াই দ্বিতীয় আৰু মৰাণৰ অতনু গগৈয়ে তৃতীয় স্থান লাভ কৰে।
৪৫ ঊদ্ধৰ্ধৰ পুৰুষ শাখাৰ শ্বৰ্টপুত প্ৰতিযোগিতাত প্ৰথমস্থান অধিকাৰ কৰে মৰাণৰ প্ৰশান্ত শৰ্মা। বজালীৰ গোপেশ পাটগিৰীয়ে দ্বিতীয় আৰু ডিগবৈৰ উৎপল সোণোৱালে তৃতীয় স্থান লাভ কৰে।
৭০ ঊদ্ধৰ্ধৰ মহিলা শাখাৰ জেভেলিং প্ৰতিযোগিতাত প্ৰথমস্থান অধিকাৰ কৰে ডিব্ৰুগড়ৰ নিৰদা দত্ত। চিলাপথাৰৰ ক্ষীৰদা চুতীয়াই দ্বিতীয় আৰু গোলাঘাটৰ মণি বৰদলৈয়ে তৃতীয়স্থান লাভ কৰে।
ইফালে ৭৫ ঊদ্ধৰ্ধৰ মহিলা শাখাৰ জেভেলিং প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে ঢকুৱাখানাৰ ইভাৰাণী বৰুৱাই লগতে তিনিচুকীয়াৰ পদ্মা সন্দিকৈয়ে দ্বিতীয় আৰু চিলাপথাৰৰ টিলেশ্বৰী গগৈয়ে তৃতীয় স্থান লাভ কৰে। ৮০ ঊদ্ধৰ্ধৰ মহিলা শাখাৰ জেভেলিং প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে মৰাণৰ অঞ্জলি চুতীয়াই লগতে ডিব্ৰুগড়ৰ চম্পা গগৈয়ে দ্বিতীয় আৰু চিলাপথাৰৰ নিৰুমাই বৰুৱাই তৃতীয় স্থান লাভ কৰে। ৮৫ ঊদ্ধৰ্ধৰ মহিলা শাখাৰ জেভেলিং প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে মৰাণৰ জয়া টায়ে।
Also Read: মঙলদৈত বিশ্ব সংস্কৃত সন্মিলন উদ্বোধন ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াৰ