ডিজিটেল সংবাদ, যোৰহাট: অসমৰ দৰে ধান খেতিৰ বাবে অতিকে সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰখনত শেহতীয়া ধাৰণাৰ পৰিকল্পনাৰে আগবাঢ়িব পাৰিলে এই ঠাইখন ধানৰ দিশত অতি সমৃদ্ধ হিচাপে পৰিচিত হ'ব । সেয়ে আন্তৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানে অনাগত দিনত অসমত ধান খেতি আৰু ধান গৱেষণাৰ দিশত সহযোগিতাৰে অধিক কাম কৰিবলৈ আগবাঢ়ি অহাৰ পৰিকল্পনা আছে ।
ফিলিপাইনছৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান (ইৰি)ৰ প্ৰতিষ্ঠানিক সেৱা আৰু ব্যৱস্থাপনা বিভাগৰ উপ সঞ্চালক প্ৰধান উলা ফাজবিয়ে আজি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি উক্ত মত ব্যক্ত কৰে। আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানটোৰ পাঁচজনীয়া প্ৰতিনিধি দলৰ সৈতে অসম কৃষি বিশ্ববিদ্যালয়লৈ অহা উপ সঞ্চালকজনে বিশ্ববিদ্যালয়ত এক উচ্চস্তৰীয় আলোচনাত মিলিত হয়।
অসমত ধানখেতিৰ সম্ভাৱনা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ দৃষ্টিভংগীৰ তথা অসমত সাম্প্ৰতিক সময়ত কৰণীয় সম্পৰ্কে আলোচনা কৰে। বিশেষকৈ কৃষি শিক্ষা আৰু গৱেষণাৰ দিশত অসম কৃষি বিশ্ববিদ্যালয় আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানে সহযোগিতাৰে অধিক কাম কৰাৰ বিষয়ত সহমত পোষণ কৰে ।
অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প (এপাৰ্ট)ৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ নডেল অফিচাৰ ড: ৰূপম বৰগোহাঁইয়ে আঁত ধৰা সভাখনত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই বক্তব্যত বিশ্ববিদ্যালয়ে অসমৰ জলবায়ু লগত খাপ খোৱাকৈ বিভিন্ন ধানৰ জাত উদ্ভাৱন কৰাৰ বিষয়ে প্ৰকাশ কৰে। এই জাতসমূহে অসমৰ সামগ্ৰিক কৃষিক্ষেত্ৰৰ মান উন্নত কৰি অসমৰ কৃষকৰ জীৱন জীৱিকাৰ মান উন্নয়নত কেনেদৰে সহায় কৰিছে সেই সম্পৰ্কে বাখ্যা আগবঢ়াই।
অসমৰ সামগ্ৰিক জীৱনচৰ্যাক নিয়ন্ত্ৰণ কৰা অসমৰ প্ৰধান খাদ্যশস্য ধানক লৈ বিশ্ববিদ্যালয়ে কৰা সময়োচিত পৰিকল্পনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত 'ইৰি'ৰ সহায় সহযোগ কামনা কৰে। 'ইৰি'ৰ দক্ষিণ এছিয়া গৱেষণা কেন্দ্ৰ, বাৰাণসীৰ সঞ্চালক ড: সুধাংশু সিঙে আলোচনাত বক্তব্যত কৃষি ষ্টাৰ্ট আপ, কৃষি শিক্ষা আৰু প্ৰতিষ্ঠানিক উন্নয়নৰ জৰিয়তে নতুন ধাৰণাৰে অসমৰ কৃষিক্ষেত্ৰত পৰিৱৰ্তন অনাৰ পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰে। বিশেষকৈ সামৰ্থ বৃদ্ধিৰ জৰিয়তে সামগ্ৰিক চিন্তাৰে আগবাঢ়িব যাবলৈ 'ইৰি'য়ে সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰে।
অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড: অশোক ভট্টাচাৰ্যই বিশ্ববিদ্যালয়ৰ কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ বিষয়ে আৰু এপাৰ্টৰ বিষয়ে ড: ৰূপম বৰগোহাঁইয়ে দৃশ্য শ্ৰাব্য মাধ্যমেৰে উপস্থাপন কৰা সভাখনত 'ইৰি'ৰ মানৱ সম্পদ(প্ৰতিভা ব্যৱস্থাপনা) বিষয়া প্ৰিয়ংকা মাথুৰ , শিক্ষা আৰু উন্নয়ন শাখাৰ মানৱ সম্পদ বিষয়া এঞ্জেলিকা ভেলাৰী ডি জিছুছেও বক্তব্য আগবঢ়াই।
তদুপৰি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড: অশোক ভট্টাচাৰ্য, কৃষি বিজ্ঞানগুৰু ড: জয়ন্ত ডেকা, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: প্ৰসন্ন কুমাৰ পাঠক, স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড: অনুপ কুমাৰ দাস আৰু সহযোগী কৃষি গৱেষণা সঞ্চালক ড: মৃণাল কুমাৰ শইকীয়াইও বক্তব্য আগবঢ়াই। আলোচনাত সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: ৰঞ্জিত কুমাৰ সাউদ,ইৰি আৰু এপাৰ্টৰ অসমৰ আৱাসিক সমন্বয়ক ড: বীৰেন্দ্ৰ কুমাৰ, এপাৰ্টৰ অল্টাৰনেটিভ নডেল অফিচাৰ ড: দেবানন্দ দাস প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ এপাৰ্টৰ গৱেষক, বিজ্ঞানী আৰু বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
Also Read: ৰাহুলৰ কান্ধত উঠি ইন্দিৰা গান্ধীৰ দিনলৈ উভতিব খুজিছে নেকি চৰকাৰ ?