ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰে প্ৰদান কৰিলে অষ্ট নিধি স্বৰ্ণ বঁটা...

ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰে প্ৰদান কৰিলে অষ্ট নিধি স্বৰ্ণ বঁটা...
Published on
Updated on

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতিয়ে মেধাৱী শিক্ষাৰ্থীক প্ৰথমবাৰৰ কাৰণে প্ৰদান কৰলে অষ্টনিধি স্বৰ্ণ বঁটা। এই উপলক্ষে শুকুৰবাৰে নামঘৰৰ চৌদহত আয়োজিত এখনি সভাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত ৰাজ্যখনৰ ভিতৰত প্ৰথম স্হান লাভ কৰা সংকল্পজিৎ শইকীয়াক এই বঁটা প্ৰদান কৰা হয়।

এই বঁটাত আছে ১০ গ্ৰাম সোণ, চেলেং, গামোছা, সঁফুৰা লগতে সম্বৰ্ধনা পত্ৰ । আনফালে শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ আঠ খেলুৱৈ অন্তৰ্গত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মেধা তথা উচ্চ নম্বৰ প্ৰাপ্ত প্ৰাঞ্জল শইকীয়া আৰু তপন বৰাক স্নাতক পৰ্যায়লৈকে সম্পূৰ্ণ পঢ়াশুনাৰ খৰচ বহন কৰাৰো দায়িত্ব লয় নামঘৰৰ কৰ্ণধাৰ সমিতিয়ে। অন্যহাতে বৃহত্তৰ আঠখেলীয়া অঞ্চলটোৰ আটাইকেইখন উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাৱী শিক্ষাৰ্থী সকলকো এই সভাতেই প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়।

ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰে প্ৰদান কৰিলে অষ্ট নিধি স্বৰ্ণ বঁটা...
অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ উদ্যোগত 'মিনি কম্বাইন হাৰ্ভেষ্টাৰ' বৰোধানৰ চপোৱা কাৰ্যসূচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in