ডিজিটেল সংবাদ বেকাজানঃ দীৰ্ঘদিনীয়া চিকিৎসকৰ অভাৱ দূৰ কৰিবলৈ আজি বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সজাতি দলে বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰত বিশেষজ্ঞ চিকিৎসক বিচাৰি যোৰহাট জিলা উপায়ুক্ত আৰু যোৰহাট জিলা যুটীয়া স্বাস্থ্য সঞ্চালকক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে।
স্মাৰক পত্ৰত বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই উল্লেখ কৰে যে অসম- নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বৰহোলা,নগাবাট,বেকাজানৰ লগতে গোলাঘাট জিলাৰ সীমামূৰীয়া গাঁওসমূহৰ চিকিৎসাৰ অন্যতম কেন্দ্ৰ বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰ। কিন্তু অতি পৰিতাপৰ বিষয় যে, এই চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক তথা সা- সৰঞ্জাম নথকাৰ বাবে ৰাইজে প্ৰয়োজনীয় চিকিৎসাৰ পৰা বঞ্চিত হ'ব লগা হৈছে।
সেয়েহে বৰহোলা আছুৱে স্মাৰক পত্ৰৰ যোগেদি বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰত সপ্তাহত অতিকমেও দুদিনকৈ শিশুৰোগ, মেডিচিন আৰু চকুৰ বিশেষজ্ঞ চিকিৎসক প্ৰদান কৰা, X-Ray মেচিন প্ৰদান কৰা, প্ৰয়োজনীয় চিকিৎসকৰ লগতে স্বাস্থ্যকৰ্মী প্ৰদান কৰা, প্ৰয়োজনীয় আন্তঃগাঁথনি যোগান ধৰা আদি দাবী সম্বলিত স্মাৰক পত্ৰখনি প্ৰদান কৰে।
বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই জিলা উপায়ুক্ত আৰু যোৰহাট জিলা যুটীয়া স্বাস্থ্য সঞ্চালকক সমগ্ৰ বৰহোলাবাসী ৰাইজৰ স্বাৰ্থত অতি তাৎক্ষণিকভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
Also Read: মালিবাৰীত ড্ৰাগচসহ এজনক আটক...